কাছাৰত বাংলাদেশীয়ে চলাইছে ড্ৰাগছৰ ব্যৱসায়…

কাছাৰত বাংলাদেশীয়ে চলাইছে ড্ৰাগছৰ ব্যৱসায়…

ডিজিটেল সংবাদ, শিলচৰঃ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই কাছাৰ আৰক্ষীয়ে এগৰাকী বাংলাদেশীৰ পৰা বুজন পৰিমাণৰ সন্দেহজনক হেৰোইন জব্দ কৰে ৷ উদাৰবন্দ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত গোপনে চলোৱা এক অভিযানত জাপিৰবন্দৰ পৰা এজন বাংলাদেশীক আটক কৰে ৷

ধৃত বাংলাদেশী জনৰ নাম চামচুল আলম বুলি জানিব পৰা গৈছে ৷ ধৃত বাংলাদেশী জনৰ ঘৰ বাংলাদেশৰ দিনাজপুৰ জিলাৰ গোৰাঘাট থানাৰ আফছৰ গাঁৱত। বাংলাদোশী জনৰ পৰা আৰক্ষীয়ে হেৰোইন ভৰ্তি ৩৪টা কনটেনাৰ আৰু ৩.৩০ গ্ৰামৰ এটা হেৰোইন ভৰ্তি পেকেট জব্দ কৰিছে আৰক্ষীয়ে৷

বাংলাদেশী জনৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে সোনাই ধনেহৰিৰ পৰা চাহানুৰ হুচেইন আৰু ৰামনগৰৰ পৰা ছিৰাজুল হক লস্কৰক আটক কৰে ৷ তেওঁ লোকৰ পৰা নগদ ৩৯,০০০ টকা উদ্ধাৰ কৰিছে আৰক্ষীয়ে ৷ সম্প্ৰতি উদাৰবন্দ থানাত জেৰা অব্যাহত ৰখা হৈছে বাংলাদেশী সহ ড্ৰাগছ ব্যৱসায়ী কেইজনক ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in