কাছাৰৰ উচ্ছেদিত ৮২টা পৰিয়ালৰ মাজত খাদ্য আৰু কাপোৰ বিতৰণ বে-চৰকাৰী সংস্থাৰ, পুনঃ সংস্থাপনৰ দাবী

কাছাৰৰ উচ্ছেদিত ৮২টা পৰিয়ালৰ মাজত খাদ্য আৰু কাপোৰ বিতৰণ বে-চৰকাৰী সংস্থাৰ, পুনঃ সংস্থাপনৰ দাবী

ডিজিটেল সংবাদ, শিলচৰঃ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ গৃহ সমষ্টি ধলাই ৰজনীখালত যোৱা সাত জুনত উচ্ছেদ কৰা গৃহহীন বিৰাশীটা পৰিয়ালক সহায় কৰিবলৈ আগবাঢ়ি আহিছে বিভিন্ন বে-চৰকাৰী সংগঠন৷ মুকলি আকাশৰ তলত তম্বু টানি বসবাস কৰা দুৰ্ভগীয়া এই লোক সকলক খাদ্য সামগ্ৰী, বস্ত্ৰ আঠুঁৱা, মহৰ ঔষধ আদি যোগান ধৰিছে কিছু বে-চৰকাৰী সংস্থাই।

আনকি অৰুণাচল প্ৰদেশৰ পৰাও এজন লোকে উচ্ছেদিত লোক সকলৰ বাবে সহায়ৰ হাত আগবঢ়াইছে৷ দেওবাৰে ধলাই সমষ্টিৰ কাবুগঞ্জৰ যুৱক সমাজে ৰজনীখালৰ উচ্ছেদিত লোক সকলৰ মাজত বিভিন্ন খাদ্য সামগ্ৰী বিতৰণ কৰে৷

ইন্দিৰা আবাস যোঁজনাৰ গৃহ, বিদ্যুতসহ সকলো চৰকাৰী সুবিধা লাভ কৰা এই লোক সকলক বন বিভাগে অবৈধ বে দখলকাৰী হিচাপে চিহ্নিত কৰি উচ্ছেদ কৰা কাৰ্যৰ তীব্ৰ নিন্দা জনাই বে-চৰকাৰী সংস্থাৰ লোকসকলে৷

শীঘ্ৰে এই লোকসকলক পুনঃ সংস্হাপন দিয়াৰ বাবে মুখ্যমন্ত্ৰী আৰু বনমন্ত্ৰীক অনুৰোধ জনায় সংস্থাটোৱে। ইফালে, লেতেৰা পানী সেৱন আৰু মহৰ কামোৰ খোৱাৰ ফলত শিশু সকল জ্বৰ আৰু পেটৰ অসুখত ভোগা বুলিও অভিযোগ কৰে এগৰাকী মাতৃয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in