কাছাৰত একপ্ৰকাৰৰ LOCKDOWN…

কাছাৰত একপ্ৰকাৰৰ LOCKDOWN…

ডিজিটেল সংবাদ, শিলচৰঃ বর্তমান বান পৰিস্থিতিত কাছাৰ জিলাত বান সাহায্য আৰু উদ্ধাৰ অভিযানত যাতে ব্যাঘাত নজন্মে তাৰ বাবে জিলাখনত যান বাহন চলাচলত কিছু নিষেধাজ্ঞা আৰোপ কৰা হৈছে ৷ বুধবাৰে নিশা জিলা ম্যাজিস্ট্রেট কীৰ্তি জল্লীয়ে জাৰি কৰা এক নিৰ্দেশনাত সৰু যান বাহনৰ চলাচল নিষিদ্ধ ঘোষণা কৰা হৈছে ৷

২০০৫ চনৰ ডিজাষ্টাৰ ম্যানেজমেন্ট এক্টৰ ৩০(২) আৰু ৩৪(খ) ধাৰা অনুসাৰে বাইক, ই ৰিক্সা, অটো, চাৰি চকীয়া বাহন চলাচল নিষিদ্ধ কৰা হৈছে ৷ প্ৰয়োজন অবিহনে চলাচল কৰিব নোৱাৰিব এই যান বাহন সমুহ ৷ পৰবর্তী আদেশ নি পৰ্যন্ত অব্যাহত থাকিব এই নিৰ্দেশ ৷ ১৯ মে বৃহস্পতিবাৰ ৰাতিপুৱা ছবজাৰ পৰা সমগ্র জিলাতে কার্যকৰী হব এই নিৰ্দেশ ৷

কাছাৰ জিলাত দুদিনৰ বাবে সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষনা ৷ কাইলৈ বৃহস্পতিবাৰে ৰাতিপুৱা ৬ বজাৰ পৰা দুদিন বন্ধ থাকিব চৰকাৰী আৰু বে- চৰকাৰী শিক্ষানুষ্ঠান সমূহ ৷ বানপানীৰ বাবে বন্ধ দিয়া হৈছে শিক্ষানুষ্ঠান সমূহ ৷ উপায়ুক্ত কীৰ্তী জল্লীয়ে এক বিজ্ঞপ্তি যোগে জাৰি কৰিছে এই নিৰ্দেশনা ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in