কাছাৰৰ জিৰিঘাটত দিন-দুপৰতে এজনক হত্যা দুৰ্বৃত্তৰ…

কাছাৰৰ জিৰিঘাটত দিন-দুপৰতে এজনক হত্যা দুৰ্বৃত্তৰ…

ডিজিটেল সংবাদ, শিলচৰঃ কাছাৰ জিলাৰ জিৰিঘাটত দিন-দুপৰতে এজন লোকক নিৰ্মমভাবে হত্যা কৰা এক ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷দুখন বাইকত অহা দুৰ্বৃত্তৰ দল এটাই ছিৰাজ উদ্দিন নামৰ ৬৫ বছৰীয়া লোক এজনক দা আৰু লাঠিৰে আক্ৰমণ কৰাৰ ফলত থিতাতে নিহত হয় লোকজন৷

আনহাতে, ছিৰাজ উদ্দিনৰ পুত্ৰ আজিম উদ্দিনকো আক্ৰমণ কৰে দুৰ্বৃত্তৰ দলটোৱে৷ ছিৰাজ উদ্দিনৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে আজিম উদ্দিন গুৰুতৰ আহত হয় ৷ সংকট জনক অৱস্থাত জিৰিঘাট আৰক্ষীয়ে আজিম উদ্দিনক উদ্ধাৰ কৰি শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰে ৷ সম্প্ৰতি চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজি আছে আজিম উদ্দিনে ৷

ইফালে, ছিৰাজ উদ্দিনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে আৰক্ষীয়ে এছ এম ছি হাস্পতালয়লৈ প্ৰেৰণ কৰে ৷ জিৰিঘাট আৰক্ষী সূত্ৰই সদৰী কৰা মতে, এই ঘটনা সংঘটিত হয় জিৰিঘাট থানাৰ অন্তৰ্গত ৪৪০ নম্বৰ মাখন নগৰ এল পি স্কুলৰ সন্মুখত ৷ জমিল আহমেদ নামৰ এজন লোকৰ নেতৃত্বত দুখন বাইকত গৈছিল দুৰ্বৃত্তৰ দলটো ৷

হাতত দা আৰু লাঠি লৈ দুৰ্বৃত্তৰ দলটোৱে উপৰোক্ত স্কুল খনৰ সন্মুখত উপস্থিত হৈ দলটোৱে ছিৰাজ উদ্দিন আৰু তেওঁৰ পুত্ৰ আজিম উদ্দিনক দা আৰু লাঠিৰে উপৰ্যুপৰি আক্ৰমণ কৰে ৷ এই আক্ৰমণত থিতাতে নিহত হয় ছিৰাজ উদ্দিন নামৰ লোকজন ৷

আনহাতে, ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে দুৰ্বৃত্তৰ দলটো৷ ৰাতিপুৱা ৯.৪৫ বজাত সংঘটিত হোৱা এই হত্যাকাণ্ডৰ পিচত জিৰিঘাট থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে ৷ আৰক্ষীয়ে ঘাটক জমিল আহমেদৰ ঘৰত তালাচী চলাই তেওঁলোকে ব্যৱহাৰ কৰা বাইক দুখন জব্দ কৰে যদিও ছিৰাজ আৰু আজিম উদ্দিনক আক্ৰমণ কৰা লোক সকলৰ লগতে পৰিয়ালৰ সকলো সদ্স্য পলায়ন কৰে বুলি আৰক্ষীয়ে সদৰী কৰে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in