শোকাৱহ ঘটনা, মক্কাত পথ দুৰ্ঘটনাত মৃত্যু অসমৰ হজযাত্ৰীৰ

শোকাৱহ ঘটনা, মক্কাত পথ দুৰ্ঘটনাত মৃত্যু অসমৰ হজযাত্ৰীৰ

ডিজিটেল সংবাদ, শিলচৰঃ মক্কাত দুৰ্ঘটনাত মৃত্যু কাছাৰৰ হজযাত্ৰীৰ৷ মৃত হজযাত্ৰীজনৰ নাম হাজি আজিজুৰ ৰহমান লস্কৰ (80)৷ লোকজনৰ ঘৰ সোণাই সমষ্টিৰ হাতিখাল গাওঁ পঞ্চায়তৰ অন্তৰ্গত ভাউৰিকান্দি ২য় খণ্ডত।

শনিবাৰে মক্কাত এক দুৰ্ঘটনাৰ সন্মুখীন হৈছিল হজযাত্ৰীজন৷ স্হানীয় আল নুৰ হাস্পতালৰ আই চি ইউত ভৰ্তি কৰা হৈছিল লোকজনক। বুধবাৰে ভাৰতীয় সময় মতে সন্ধিয়া ৬.৪০ বজাত শেষ নিশ্বাস ত্যাগ কৰে হজযাত্ৰীজনে৷ মৃত্যুৰ সময়ত তেওঁ পত্নী, এগৰাকী কন্যা আৰু দুই পুত্ৰক এৰি যায়।

হজযাত্ৰীজনৰ মৃত্যুত গভীৰ শোকৰ ছাঁ পৰিছে সোণাই সহ কাছাৰ জিলাত৷ আজিজুৰ ৰহমানৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে সোণাইৰ বিধায়ক তথা বিধানসভাৰ উপাধ্যক্ষ আমিনুল হক লস্কৰে৷ শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে লস্কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in