শেহতীয়া খবৰ
অৱশেষত আত্মসমৰ্পণ কৰিলে দীৰ্ঘদিনে পলাই ফুৰা এচিএছ বিষয়া নবাৰুন ভট্টাচাৰ্যই  •  বঙাইগাঁৱত খেদি খেদি দাৰে কাটি হত্যা এজনক  •  তৃতীয়খন টেষ্ট মেচত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ইংলেণ্ডৰ জয়  •  নলবাৰীত ৰমেশ চন্দ্ৰ শৰ্মাৰ স্মৃতিচাৰণ-গ্ৰন্থ উন্মোচনী সভা  •  অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰি নহয়! ধনদাবী কৰি ৰঙাঘৰত সোমাল জাতীয় সংগঠনৰ নেতা  •  সৰুপথাৰত প্ৰাণতোষ দাস সোঁৱৰণী বক্তৃতা প্ৰতিযোগিতা সম্পন্ন  •  মা, এয়া তোমাৰ জন্মদিনৰ উপহাৰ...  •  অভয়াপুৰীৰ কাকৈজানাত পথ দুৰ্ঘটনাত নিহত শিক্ষক  •  আগন্তুক বিটিএডি নিৰ্বাচনত শক্তিশালীভাৱে অৱতীৰ্ণ হ'ব বিজেপিঃ ওদালগুৰিত বিজেপিৰ ৰাজ্যিক সম্পাদক কিশোৰ উপাধ্যায়  •  বান্দৰদেৱাত ভাড়াঘৰত উদ্ধাৰ হেৰ’ইন, পলাতক মুল অভিযুক্ত...

কাছাৰত অব্যাহত আছে জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস, এইবাৰ মৃত্যু হ’ল এগৰাকী দ্বাদশ শ্ৰেণীৰ ছাত্ৰীৰ

143

ডিজিটেল সংবাদ, শিলচৰঃ ৰাজ্যজুৰি ভয়াৱহ ৰূপ ধাৰন কৰা জাপানীজ এনকেফেলাইটিছৰ আতংক আজিও অব্যাহত আছে কাছাৰ জিলাত৷ চিকিৎসালয়ত চিকিৎসা চলি থকা সময়তে মঙলবাৰে এগৰাকী জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ৰোগীৰ মৃত্যু হয় কাছাৰ জিলাত৷ শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হোৱা ৰোগী গৰাকীৰ নাম তেহলিনা আখতাৰ।

বাঁচকান্দিৰ নেনামিঞা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী গৰাকীক ৩১ জুলাইত ভৰ্তি কৰোৱা হৈছিল এছ এম চি হাস্পতালত৷ সংকটজনক অৱস্হাত চিকিৎসালয়লৈ নিয়া তেহলিনাক লগে লগে মেডিচিন বিভাগৰ ‘আইচিইউ’ত ভৰ্তি কৰোৱা হয়৷ বিগত তেৰ দিন ধৰি চিকিৎসালয়ৰ বিচনাত মৃত্যুৰ সৈতে যুঁজি অৱশেষত মঙলবাৰে দিনৰ ডেৰ বজাত মৃত্যুৰ কোলাত ঢলি পৰে ওঠৰ বছৰীয়া ছাত্ৰী গৰাকী।

ৰোগীৰ চিকিৎসাৰ নামত বছৰি কোটি কোটি টকা ব্যয় কৰা ৰাজ্যৰ স্বাস্হ্য বিভাগে বচাব নোৱাৰিলে ছাত্ৰী গৰাকীক৷ তেহলিনা আখতাৰৰ মৃত্যুৰ পিচত এই বছৰ কাছাৰ জিলাত তিনি গৰাকী জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ৰোগীৰ মৃত্যু হয়৷

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি