কাছাৰত ব্ৰাউন চুগাৰ, নিচাজাতীয় টেবলেটসহ ৫ লাখ ৪০ হাজাৰ টকা জব্দ, গ্ৰেপ্তাৰ মহিলা ড্ৰাগছ ব্যৱসায়ী

কাছাৰত ব্ৰাউন চুগাৰ, নিচাজাতীয় টেবলেটসহ ৫ লাখ ৪০ হাজাৰ টকা জব্দ, গ্ৰেপ্তাৰ মহিলা ড্ৰাগছ ব্যৱসায়ী

ডিজিটেল সংবাদ, শিলচৰঃ কাছাৰত পুনৰ বুজণ পৰিমাণৰ ড্ৰাগছ জব্দ৷ অসম ৰাইফলছৰ ২৭ নম্বৰ বেটেলিয়ন আৰু ধলাই আৰক্ষীয়ে যুটীয়া ভাৱে অভিযান চলাই মিজোৰাম সীমান্তৱৰ্তী কাছাৰৰ লাইলাপুলৰ পৰা জব্দ কৰে বুজণ পৰিমাণৰ ড্ৰাগছ আৰু নগন ধন৷ লাইলাপুলৰ ড্ৰাগছ ব্যৱসায়ী নাজিৰা বেগমৰ ঘৰত তালাচী চলাই আৰক্ষী আৰু অসম ৰাইফলছে ১৫০ গ্ৰাম ব্ৰাউন চুগাৰ আৰু ১৪৭৫ টা নাইট্ৰ'জেন নামৰ নিচাজাতীয় টেবলেট জব্দ কৰে।

ব্ৰাউন চুগাৰখিনি তিনিটা চাবোনৰ কেছত ৰখা হৈছিল৷ আনহাতে, বিক্ৰীৰ বাবে ব্যৱহাৰ কৰা ৮৫৫ টা প্লাষ্টিকৰ কন্টেনাৰো জব্দ কৰা হয়৷ ড্ৰাগছৰ সৈতে মহিলা গৰাকীৰ পৰা নগদ ৫ লাখ ৪০ হাজাৰ টকাও জব্দ কৰে আৰক্ষীয়ে৷ পিচত নাজিৰা বেগমক গ্ৰেপ্তাৰ কৰে ধলাই আৰক্ষীয়ে৷ বৰ্তমান ধৃত মহিলা গৰাকীক জেৰা অব্যাহত ৰখা হৈছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in