কাছাৰ জিলাৰ অসমীয়া গাৱঁতো শংকৰদেৱৰ আবিৰ্ভাৱ তিথি পালন…

কাছাৰ জিলাৰ অসমীয়া গাৱঁতো শংকৰদেৱৰ আবিৰ্ভাৱ তিথি পালন…

ডিজিটেল সংবাদ, শিলচৰঃ মঙলবাৰে সমগ্ৰ অসমৰ লগত সঙ্গতি ৰাখি কাছাৰ জিলাৰ বিহাৰাৰ গড়ৰ ভিতৰ অসমীয়া গাওঁত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭১ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ ভাগি উলহ-মালহেৰে পালন কৰা হয় ।

এই উপলক্ষ্যে পুৱা ৫ বজাত বিজয় ভূঞাৰ পৰিচালনাত প্ৰাতঃ প্ৰসঙ্গ কৰা হয় । ৯ বজাত জিলা সম্পাদক শ্ৰী বিমল ভূঞাই আদৰণি ভাষন পাঠ কৰে ।প্ৰাক্তন মূলৰ সদস্য সমীৰ মেধিৰ সহযোগত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শৰণাচাৰ্য সুহাগমনি বৰ্মন দেৱে ধৰ্ম ধ্বজা উত্তোলন কৰে।

১০ বজাত শ্ৰী হৰিধন বৰাৰ নেতৃত্বত গাওঁৰ মূল পথত ভাগৱত ভ্ৰমণেৰে এটি শোভাযাত্ৰা উলিওৱা হয় । শোভাযাত্ৰাত ঝাপিৰবন্দ প্ৰাথমিক শাখাৰ পৰা পুলিন ৰাজবংশী, ৰামেন্দ্ৰ ৰাজবংশী, শুভ ৰাজবংশী, কুম্ভীৰগ্ৰামৰ হৰকান্ত শইকীয়া আদিয়ে অংশগ্ৰহণ কৰে । সংঘৰ মূলৰ সদস্য তৰুণ মেধিৰ নেতৃত্বত অতি ভক্তিপূৰ্ণ ভাৱত নাম-প্ৰসঙ্গ ভাগি অনুস্থিত কৰা হয়।

গাওঁৰ আই মাতৃ আৰু যুৱ-যুৱতী,শিশু সকলৰ দিহা নামৰ ধ্বনিয়ে বৈকুণ্ঠ ধামৰ সৃষ্টি কৰে। ১-৩০ বজাত ধৰ্মালোচনী সভাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বৰ্তমান সময়ত গুৰু জনাৰ আদৰ্শৰ প্ৰাসংগিকতাৰ ওপৰত বিস্তৃতভাৱে ভাষণ প্ৰদান কৰে সুহাগমনি বৰ্মন দেৱে ।

২ বজাত প্ৰসাদ ও মহাপ্ৰসাদ বিতৰণ কৰা হয়। সন্ধিয়া ৫-৩০ বজাত চাকি-বন্তি প্ৰজ্বলন,আৰু দিহা নামৰ আয়োজন আয়োজক সকলে কৰে। চাৰিওফালে দূৰ্গা পূজাৰ ধামধুমিয়াৰ মাজত বৰাকৰ অসমীয়া গাওঁ এখনত এনেধৰণৰ গুৰু জয়ন্তী পালন কৰাটো এক তাৎপৰ্য পূৰ্ণ বিষয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in