কাছাৰ কলেজৰ পৰিচালনা সমিতিৰ সভাপতিসহ দুই প্ৰৱক্তাৰ বিৰুদ্ধে শিলচৰ থানাত গোচৰ ৰুজু অধ্যক্ষৰ…

কাছাৰ কলেজৰ পৰিচালনা সমিতিৰ সভাপতিসহ দুই প্ৰৱক্তাৰ বিৰুদ্ধে শিলচৰ থানাত গোচৰ ৰুজু অধ্যক্ষৰ…

ডিজিটেল সংবাদ, শিলচৰঃ কাছাৰ কলেজত সংঘটিত কেলেংকাৰিৰ নতুন মোৰ ৷ এইবাৰ অধ্যক্ষই গোচৰ তৰিলে তিনি জনৰ বিৰুদ্ধে ৷ শিলচৰ থানাত অধ্যক্ষ লক্ষীতন সিংহই ৰুজু কৰে গোচৰ ৷ গোচৰ ৰুজু গভৰ্নিং বডীৰ সভাপতি বিজয় ভূষন দাসৰ বিৰুদ্ধে ৷ গোচৰ ৰুজু প্ৰাক্তন অধ্যক্ষ অনিত্য বিনোদ দেবৰ বিৰুদ্ধেও ৷ হেমন্ত কুমাৰ ৰৰাৰ বিৰুদ্ধেও ৰুজু গোচৰ ৷

হেমন্ত বৰা কাছাৰ কলেজৰ কে কে হেণ্ডিক মুক্ত বিঃবিঃৰ অধ্যয়ন কেন্দ্ৰৰ প্ৰাক্তন সমন্বয়ক ৷ কলেজ পৰিছালনা সমিতিৰ নীতি নিয়ম উলংঘা কৰি নথি জালিয়তি কৰাৰ অভিযোগ ৷ আৰ্থিক অনিয়ম, নীতি বহঃৰ্ভুত ভাবে কেকে হেণ্ডিক মুক্ত বিঃ বিঃৰ অধ্যয়ন কেন্দ্ৰত নিযুক্তি দিয়া বুলিও এজেহাৰত উল্লেখ ৷

কলেজৰ বিভিন্ন নথি হস্তগত কৰাৰো অভিযোগ বিজয় ভুষন দাসৰ বিৰুদ্ধে ৷ যোৱা দহ জুনত অধ্যক্ষ লক্ষীতন সিংহ সহ ছয় গৰাকী প্ৰৱক্তাৰ বিৰুদ্ধে গোচৰ তৰিছিল জিবি ৰ সভাপতি বিজয় ভুষন দাসে ৷ কেবা লাখ টকা আত্মসাৎ কৰাৰ অভিযোগত ৰুজু কৰিছিল গোচৰ ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in