আৰক্ষী, সংশ্লিষ্ট বিভাগেৰে মিলি কাছাৰত হাজাৰ হাজাৰ কোটি টকাৰ জিএছটি ফাঁকি কয়লা-চুপাৰী ছিণ্ডিকেটৰ…

আৰক্ষী, সংশ্লিষ্ট বিভাগেৰে মিলি কাছাৰত হাজাৰ হাজাৰ কোটি টকাৰ জিএছটি ফাঁকি কয়লা-চুপাৰী ছিণ্ডিকেটৰ…

ডিজিটেল ডেস্কঃ চোৰাং কয়লা আৰু চোৰাং চুপাৰী কেলেংকাৰীৰ লগতে সংঘটিত হৈছে আন এক বৃহৎ কেলেংকাৰী। হাজাৰ হাজাৰ কোটি টকাৰ জিএছটি ফাঁকি দি চোৰাং কয়লা ভৰ্তি ট্ৰাক আৰু চোৰাং চুপাৰী ভৰ্তি ট্ৰাক সৰবৰাহ হৈ আছে কেইবা বছৰ ধৰি।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণৰ হাতত পৰা তথ্য অনুসৰি কয়লা আৰু চোৰাং চুপাৰী সৰবৰাহৰ নামত জিএছটি ফাঁকি দি ১৮০০-২০০০ কোটি টকা জিএছটি ফাকি দিছে এই চক্ৰটোৱে। কয়লাৰ চোৰাং সৰবৰাহৰ নামত ৬০০ কোটি টকা আৰু চোৰাং চুপাৰী সৰবৰাহৰ নামত এই চক্ৰটোৱে ১২০০ৰ পৰা ১৪০০ কোটি টকা জিএছটি ফাঁকি দিছে ।

অবৈধ কয়লা সৰবহাৰ নামত ৪০০ৰো অধিক জিএছটি একাউন্টৰ জৰিয়তে ১ লাখৰো অধিক কয়লা পৰিবহন কৰা ট্ৰাকৰ জিএছটি ফাঁকি দিয়া তথ্য পোহৰলৈ আহিছে। আনহাতে, ২০০টা জিএছটি একাউন্টৰ নামত এই চোৰাং কাৰবাৰৰে জড়িত চক্ৰটোৱে ৪০হাজাৰ চুপাৰী ট্ৰাকৰ জিএছটি ফাঁকি দিছে।

এই সন্দৰ্ভত মেঘালয়ৰ লোকায়ুক্তৰ ওচৰত ইতিমধ্যে অভিযোগো দাখিল কৰা হৈছে। বিক্ৰী কৰ বিভাগৰ এক সূত্ৰৰ পৰা জানিব পৰা মতে, এই চক্ৰটোৱে অতি কৌশলেৰে ২০১৭চনৰ পৰা ২০২০বৰ্ষলৈকে চোৰাং কয়লা সৰবৰাহ কাৰীসকলে এনে চোৰাং কয়লা পৰিবহন কৰা ট্ৰাকৰ বিপৰীতে ৪ শতাধিক জিএছটি একাউন্টৰ জৰিয়তে জিএছটি দিয়া দেখুৱাই যদিও সেই জিএছটি জেনেৰেট কৰি ৩-৪ ঘন্টাৰ পাছতে ইয়াক কেনচেল কৰোৱাও দেখুৱায়।

ইতিমধ্যে চোৰাং কয়লা বা চোৰাং চুপাৰী সৰবৰাহ কৰা ট্ৰাকৰ হাতত জিএছটি দিয়া সেই কাগজ থাকি যোৱা হেতু সেই কাগজ দেখুৱাই বিনা বাধাই ট্ৰাকসমূহ তালাচী চকীসমূহ পাৰ কৰে এই চক্ৰটোৱে। ৰাজনৈতিক ছত্ৰছায়াত কয়লা চোৰাং ছিণ্ডিকেটৰ নামত বছৰ বছৰ ধৰি এনেদৰে এই বৃহৎ চক্ৰটোৱে জিএছটি ফাঁকি দি আছে যদিও ইয়াৰ বিৰুদ্ধে কোনো ব্যৱ্স্থা গ্ৰহণ কৰা নাই অদ্যপি।

ৰাজ্যৰ আৰ্থিক সংকটৰ সময়ত শাসকীয় দলৰে দুই নেতা বিশ্বৰূপ ভট্টাচাৰ্য আৰু কৌশিক ৰায়ৰ ছত্ৰছায়াতে এইদৰে জিএছটি ফাঁকি দিয়া তথ্যও পোহৰলৈ আহিছে। এনেদৰে জিএছটি জেনেৰেট কৰি কিদৰে এই চক্ৰটোৱে এই জিএছটি পৰৱৰ্তী সময়ত কেনচেল কৰা দেখুৱাই সেই সন্দৰ্ভতো সবিশেষ তথ্য আহি পৰিছে অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণৰ হাতত।

২০১৮চনৰ জানুৱাৰীত ৰাজ্যৰ মুখ্য সচিবে কাচাৰৰ সেই সময়ৰ উপায়ুক্ত এছ লক্ষ্মননক এক নিৰ্দেশ যোগে এই চোৰাং কয়লা ছিণ্ডিকেট নিয়ন্ত্ৰণৰ বাবে ছেকপোষ্ট স্থাপনৰ নিৰ্দেশ দিছিল। বিক্ৰী কৰ বিভাগ, পৰিবহন বিভাগ, বন বিভাগ আৰু পুলিচৰ সৈতে যৌথভাৱে এই ছেকগেটসমূহ স্থাপন কৰাৰ নিৰ্দেশ দিছিল মুখ্য সচিবে। আৰু সেই ছেকগেটসমূহৰ দায়িত্ব দিয়া হৈছিল একোজন দণ্ডাধীশক।

সেই অনুসৰি, ২০১৮ৰ ১৩ জানুৱাৰীত কাচাৰৰ কাটিগড়াত ৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত স্থাপন কৰা হৈছিল চেকগেট। সেই চেকগেট ১৩ ফেব্ৰুৱাৰী পৰ্যন্তহে কাৰ্যক্ষম হৈ থাকিল। মাজতে তিনি দিন গেটটো বন্ধ আছিল আৰু তাত কোনো উপস্থিত নাছিল।

এই গেটটো ২২ ফেব্ৰুৱাৰীত তুলি দিয়াৰ কথা তেতিয়াৰ কাচাৰৰ উপায়ুক্তই ৰাজ্যৰ কৰ বিভাগৰ আয়ুক্তলৈ এখন চিঠিযোগে জনাইছিল যে, ১৫দিনৰ সময়ৰ ভিতৰতে এই পথেৰে নিৰ্ধাৰিত ওজনতকৈ বেছি কয়লা কঢ়িওৱা অভাৰ ল'ড ১৩০২খন কয়লা পৰিবাহী ট্ৰাকৰ পৰা ২,৬৬,৮২১৬০ টকা সংগ্ৰহ কৰা হৈছিল। এই ধৰণে সম পৰিমানৰ জিএছটি আদায় কৰা হৈছিল।ৰহস্যজনকভাৱে এই চেকগেটখনত মুঠ ৫ কোটিৰো অধিক টকা সংগ্ৰহ কৰা হৈছিল।

পুৱা ৯ বজাৰ পৰা এই চেকগেট কেইখনত নিশা ৮ বজা পৰ্যন্ত চাৰিটা বিভাগৰ বিষয়া-কৰ্মচাৰী উপস্থিত থাকিছিল যদিও চোৰাং কয়লা পৰিবহনকাৰী এই ছিণ্ডিকেট চক্ৰই ৰাতি ১২ বজাৰ পৰা পুৱতি নিশা ৪ বজা পৰ্যন্ত এই চেকগেটেৰে কয়লা পাৰ কৰাইছিল।

জিলা উপায়ুক্তই দিয়া এই তথ্যকে যদি হিচাপ কৰা যায় প্ৰতি মাহে ন্যূনতম ১২ কোটি টকাৰ ৰাজহ হেৰুৱাইছে এই চেকগেটৰ পৰা। সেই হিচাপত যোৱা ৩ বছৰত চোৰাং কয়লা পৰিবহনকাৰী ট্ৰাকৰ পৰাই সংগ্ৰহ কৰিব লগা ৫০০-৬০০ কোটি টকা ৰাজহ হেৰুৱাইছে ৰাজ্য চৰকাৰে।

মেঘালয়ৰ ক্লাৰিহাটৰপৰা যিবোৰ কয়লা পৰিবহন কৰা ট্ৰাকে বাংলাদেশ, ত্ৰিপুৰা আৰু বৰাকৰ চাহ বাগিচা, ইটা ভাটা, মিজোৰাম আৰু মণিপুৰলৈ কয়লা পৰিবহন কৰে সেইবোৰৰ অধিকাংশতেই ৩৫-৪০ টন কয়লা থাকে প্ৰতিখন ট্ৰাকত। সেই হিচাপত যোৱা ৩ বছৰত বাংলাদেশলৈ ন্যূনতম ৩০ হাজাৰ, ত্ৰিপুৰালৈ ন্যূনতম ৩০ হাজাৰ, বৰাক উপত্যকালৈ ৭০ হাজাৰ, মিজোৰাম আৰু মণিপুৰলৈ প্ৰায় ১০ হাজাৰ ট্ৰাক চলাচল কৰিছে।

এই কয়লা পৰিবহন কৰা ট্ৰাকেই ফাঁকি দিছে জিএছটি আৰু অতিৰিক্ত বোজা পৰিবহন কৰাৰ বাবে দিব লগা জৰিমনা। মেঘালয় পুচিল, অসম আৰক্ষী, ৰাজ্যখনৰ পৰিবহন আৰু জিএছটি বিষয়ববীয়াৰ সহযোগত এই চক্ৰটোৱে সংঘটিত কৰিছে এই কেলেংকাৰী।

ৰাজনৈতিক ছত্ৰছায়াত গঢ় লৈ উঠা এই ছিণ্ডিকেটে বিপুল পৰিমানৰ ধন নিজৰ জেপত ভৰাইছে কৰ ফাঁকি দি। জিএছটি জেনেৰেট কৰাৰ ২-৩ ঘন্টাৰ পাছতেই এই ছিণ্ডিকেট চক্ৰই অতি কৌশলেৰে সেইবোৰ কেনচেল কৰি কেনেদৰে এইবোৰ বাংলাদেশ, ত্ৰিপুৰা আৰু বৰাক উপত্যকাত বিক্ৰী কৰি আছে সেয়াও ৰহস্যৰ বিষয়।

কেনচেল কৰা জিএছটিকে এই চক্ৰটোৱে কয়লাসমূহ বিক্ৰী কৰা সময়ত জিএছটি দিয়া বুলি তথ্য দাঙি ধৰে। এই ক্ষেত্ৰত সংশ্লিষ্ট বিভাগসমূহৰ কৰ্তৃপক্ষ জড়িত থকা বাবেই বিনা বাধাই এই বৃহৎ কেলেংকাৰী সংঘটিত কৰিবলৈ সক্ষম হৈছে কয়লা আৰু চুপাৰী ছিণ্ডিকেট চক্ৰই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in