কাছাৰৰ বাঁচকান্দিত পথ দুৰ্ঘটনাত থিতাতে নিহত এজন…

কাছাৰৰ বাঁচকান্দিত পথ দুৰ্ঘটনাত থিতাতে নিহত এজন…


ডিজিটেল সংবাদ, শিলচৰঃ সোমবাৰে কাছাৰ জিলাৰ বাঁচকান্দিত সংঘটিত এক পথ দুৰ্ঘটনাত থিতাতে এজন যুৱকৰ মৃত্যু হয় ৷ আনহাতে, আন এজন গুৰুতৰ আহত হয় ৷ আহত শ্বাহ হুচেইনক লগেলগে শিলচৰ চিকিৎসা মহা বিদ্যালয় হাস্পতালয়লৈ প্ৰেৰন কৰা হয় ৷

স্থানীয় লোকে জানিবলৈ দিয়া মতে, মনিপুৰৰ জিৰিবাম ইছলামাবাদৰ নিজ গৃহৰ পৰা AS 11M 6201 বাইকেৰে শিলচৰলৈ আহি আছিল জমিৰ হুচেইন আৰু শ্বাহ হুচেইন ৷ বাঁচকান্দিৰ লামাবস্তি পোৱাৰ সময়ত শিলচৰৰ পৰা গৈ থকা এখন দ্ৰুত বেগী ক্ৰুইজাৰৰ সৈতে মূখামূখী সংঘৰ্ষ হয় বাইক খনৰ ৷

দুৰ্ঘটনাৰ পিচতে থিতাতে নিহত হয় বাইকৰ চালক জমিৰ হুচেইন ৷ আনহাতে, গুৰুতৰ আহত হয় বাইক আৰোহী শ্বাহ হুচেইন ৷ আৰক্ষীয়ে দুয়োজনকে উদ্ধাৰ কৰি SMC হাস্পতালয়লৈ প্ৰেৰন কৰে ৷ ইফালে,দুৰ্ঘটনা সংঘটিত কৰি ক্ৰুইজাৰ খনে পলায়ন কৰে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in