আন্তঃৰাষ্ট্ৰীয় চোৰাং ব্যৱসায়ীৰ নিৰাপদ কৰিড’ৰত পৰিণত বৰাক উপত্যকা, নগাঁৱৰ পৰা বাংলাদেশলৈ নিয়াৰ পথত কাছাৰত জব্দ ৩৬ টা চোৰাং গৰু

আন্তঃৰাষ্ট্ৰীয় চোৰাং ব্যৱসায়ীৰ নিৰাপদ কৰিড’ৰত পৰিণত বৰাক উপত্যকা, নগাঁৱৰ পৰা বাংলাদেশলৈ নিয়াৰ পথত কাছাৰত জব্দ ৩৬ টা চোৰাং গৰু

ডিজিটেল সংবাদ, শিলচৰঃ বৰাক উপত্যকাক নিৰাপদ কৰিড'ৰ হিচাপে ব্যৱহাৰ কৰি বাংলাদেশলৈ চোৰাং গৰুৰ ৰপ্তানি আজিও অব্যাহত ৰাখিছে আন্তঃৰাষ্ট্ৰীয় চোৰাং গৰু ব্যৱসায়ীয়ে৷ নগাৱঁৰ হোজাইৰ পৰা বাংলাদেশলৈ নিয়াৰ সময়ত বুধবাৰে ৩৬ টা গৰু জব্দ কৰে কাছাৰ আৰক্ষীয়ে৷ দক্ষিণ অসমৰ আৰক্ষীৰ উপ মহা পৰিদৰ্শক প্ৰশান্ত দত্তৰ গোপন তথ্যৰ ভিত্তিত বৰখলা আৰক্ষীয়ে ৩৬ টা গৰু ডিমা হাচাও সীমান্তৰ পাতিচৰাৰ পৰা জব্দ কৰে৷

মুঠ চাৰিখন বাহনত হোজাইৰ পৰা বাংলাদেশলৈ নিয়াৰ উদ্দেশ্যৰে গৰুসমূহ অনা হৈছিল বুলি আৰক্ষীৰ সন্দেহ৷ ইফালে, আৰক্ষীৰ দলটো দেখি চোৰাং গৰুৰ ব্যৱসায়ী আৰু চালকে গৰু এৰি পাহাৰীয়া পথৰে পলায়ন কৰে৷

এখন বলেৰ' ডি আই বাহনৰ পৰা গৰুবোৰ নমাই চালকে পলায়ন কৰাৰ বিপৰীতে আৰক্ষীয়ে পাতিচৰাৰ পৰা এখন ট্ৰাক আৰু দুখন বলেৰ' ডি আই বাহনসহ মুঠ ২৬ টা গৰু জব্দ কৰিবলৈ সক্ষম হয়৷ উল্লেখ্য যে, দক্ষিণ অসমৰ ডিআইজিৰ নেতৃত্বত বৰখলা আৰক্ষীয়ে জব্দ কৰে গৰু কেইটা৷

গৰু অনা এএছ০৪-চি-২৪৫৬ নম্বৰৰ এখন ট্ৰাক আৰু এএছ০২-বিচি-৯৩১৮ আৰু এএছ০২-বিচি-৪৬১৯ নম্বৰৰ দুখন বলেৰ' ডিআই বাহনো জব্দ কৰে আৰক্ষীয়ে।

গৰু কেইটাৰ কোনো বৈধ নথি নাই বুলি দাবী কৰিছে কাছাৰ আৰক্ষীয়ে৷ সম্প্ৰতি বৰখলা আৰক্ষীৰ জিন্মাত ৰখা হৈছে গৰু কেইটা৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in