কাছাৰত মেডিকেলৰ ছাত্ৰ, চিকিৎসক, নাৰ্ছিং হোমৰ স্বত্বাধিকাৰী, সেনাসহ ২৪ ঘন্টাত ২৯গৰাকী কোৰোনাত আক্ৰান্ত…

কাছাৰত মেডিকেলৰ ছাত্ৰ, চিকিৎসক, নাৰ্ছিং হোমৰ স্বত্বাধিকাৰী,  সেনাসহ ২৪ ঘন্টাত ২৯গৰাকী কোৰোনাত আক্ৰান্ত…

ডিজিটেল সংবাদ, শিলচৰঃ কাছাৰত ব্যাপক হাৰত গণ সংক্ৰমণ বৃদ্ধি পোৱাৰ লগে লগে দ্ৰুত হাৰত বৃদ্ধি পাইছে কোৰোনাৰ আক্ৰান্তৰ সংখ্যা ৷ সামাজিক সংক্ৰমণৰ ফলত কাছাৰ জিলাত দিনক দিনে ব়দ্ধি পাইছে কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ৷ চৌব্বিশ ঘন্টাত মুঠ 29 গৰাকী লেক কৰোনাত আক্ৰান্ত হয় ৷ দেওবাৰে শিলচৰ মেডিকেল কলেজত স্নাতকোত্তৰ পাঠ্যক্ৰমত নাম ভৰ্তি কৰিবলৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা এঘাৰ গৰাকী ছাত্ৰৰ লগতে কাছাৰৰ চাৰি গৰাকী সহ মুঠ পোন্ধৰ গৰাকী কৰোনাত আক্ৰান্ত হোৱাৰ পিচত সোমবাৰে কাছাৰত নতুনকৈ 17 গৰাকী লোকৰ দেহত কভিড পজিটিভ ধৰা পৰে ৷

বিগত চৌব্বিশ ঘন্টাৰ ভিতৰত 29 গৰাকী লোক কৰোনাত আক্ৰান্ত হোৱাৰ পিচত কাছাৰ জিলাত ভয়ানক ভাবে গণ সংক্ৰমণ হোৱাতো প্ৰায় নিশ্চিত হৈছে ৷ SMCH ৰ চিকিৎসক ডাঃ ওৰিনা ৰাহাৰ সংস্পৰ্শলৈ অহা মুঠ 15 গৰাকী লোক কৰোনাত আক্ৰান্ত হয় ৷ প্ৰথমে তেওঁৰ মাতৃ সহ পৰিয়ালৰ পাচ গৰাকী লোক আৰু তেওঁৰ গাড়ী চালক কৰোনাত আক্ৰান্ত হোৱাৰ পিচত সোমবাৰে তেওঁ ৰোগী চোৱা এখন নাৰ্ছিং হোমৰ এগৰাকী চিকিৎসক আৰু নাৰ্ছিং হোমৰ স্বত্বাধিকাৰী গৰাকীও কৰোনাত আক্ৰান্ত হয় ৷

কাছাৰ জিলা স্হাস্হ্য বিভাগৰ মিডিয়া বিশেষজ্ঞ সুমন চৌধুৰীয়ে সদৰী কৰা মতে, ইতিমধ্যে প্ৰশাসনে তিনি দিনৰ বাবে বন্ধ কৰি দিয়া গ্ৰীন হিলছ নাৰ্ছিং হোমৰ প্ৰসুতি বিভাগৰ চিকিৎসক ডাঃ মনিকা দেৱ আৰু নাৰ্ছিং হোমখনৰ স্বত্বাধিকাৰী ৰুদ্ৰ নাৰায়ণ গুপ্তৰ দেহতো কভিড পজিটিভ ধৰা পৰে ৷ আনহাতে, SMCH ত স্নাতক পাঠ্যক্ৰম পঢ়িবলৈ বহিঃ ৰাজ্যৰ পৰা অহা তেৰ গৰাকী ছাত্ৰও দেওবাৰ আৰু সোমবাৰে কৰোনাত আক্ৰান্ত হয় ৷

তদুপৰি, চাৰি জন সেনা জোৱানো কৰোনাত আক্ৰান্ত হয় বুলি সদৰী কৰে সুমন চৌধুৰীয়ে ৷ ইফালে, গণ সংক্ৰমণ ৰোধ কৰিবলৈ মাস্ক পিন্ধা আৰু সামাজিক দুৰত্ব বজাই ৰাখিবলৈ ৰাইজক আহ্বান জনায় কাছাৰৰ আৰক্ষী অধীক্ষক মানবেন্দ্ৰ দেৱ ৰয়ে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in