কাছাৰত আৰক্ষীৰ জালত ১৪ জুৱাৰী…

কাছাৰত আৰক্ষীৰ জালত ১৪ জুৱাৰী…

ডিজিটেল সংবাদ, শিলচৰঃ এইবাৰ জুৱাৰ বিৰুদ্ধে অভিযান চলাই কাছাৰ আৰক্ষীয়ে দুই স্হানৰ পৰা মুঠ ১৪জন জুৱাৰীক গ্ৰেপ্তাৰ কৰে ৷ লগতে জব্দ কৰা ঝাণ্ডিমুণ্ডা জুৱা খেলৰ সামগ্ৰী সহ কিছু নগদ ধন ৷ উদাৰবন্দ আৰক্ষীয়ে গোপন তথ্যৰ ভিত্তিত উদাৰবন্দ-বৰখলা পথত বুধবাৰে নিশা দুখন বাহনত তালাচী চলাই ৯ জন ঝাণ্ডিমুণ্ডা জুৱাৰীক গ্ৰেপ্তাৰ কৰে ৷ জুৱাৰী কেইজনৰ পৰা কিছু জুৱাৰ সামগ্ৰী আৰু নগদ ধন জব্দ কৰা হয় ৷

ডলুত জুৱা খেল সমাপ্ত কৰি উদাৰবন্দলৈ উভতা সময়তে গ্ৰেপ্তাৰ হয় জুৱাৰীৰ দলটো ৷ ধৃত জুৱাৰী কেইটা ক্ৰমে- বাঘেৰকোনাৰ আজিজুৰ ৰহমান, আমিজুৰ বৰভুঞা, চাৰুল হক লস্কৰ, কুম্ভা চাহ বাগিছাৰ সঞ্জু কুর্মী , প্রেমজিৎ বড়াইক, কাজল তাঁতী , চালগংগাৰ হাৰমত আলী, সুমিত কুর্মী লাংলাছৰা চাহ বাগিছাৰ সঞ্জয় কুর্মী আৰু নীচতল চাহ বাগিছাৰ সত্যজিৎ হাজাম ৷

আনহাতে, পালংঘাট আৰক্ষীয়ে পুনিচেৰা আৰু বিলটিলাৰ জুৱাৰ ঘাটিত অভিযান চলাই অভিষেক ঠাকুৰ, প্ৰদীপ বাকতী, অজয় ৰী, নন্দলাল ভূমিজ আৰু স্পপন ভূমিজক গ্ৰেপ্তাৰ কৰে ৷ জুৱাৰী কেইজনৰ পৰা জুৱাৰ সামগ্ৰী আৰু কিছু নগদ ধন জব্দ কৰে আৰক্ষীয়ে ৷ ধৃত জুৱাৰী কেইজনক বৃহস্পতিবাৰে আদালতত হাজিৰ কৰোৱাৰ পিচত জেল হাজোতলৈ প্ৰেৰণ কৰা হয় ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in