বাদাম বাদাম…কাচ্ছা বাদাম: কাচ্ছা বাদামেই বিক্ৰী কৰিব ভূৱন বৈদ্যকাৰে…

বাদাম বাদাম…কাচ্ছা বাদাম: কাচ্ছা বাদামেই বিক্ৰী কৰিব ভূৱন বৈদ্যকাৰে…

ডিজিটেল ডেস্ক: বৰ্তমান সময়ত ছ'চিয়েল মিডিয়াত এটি পৰিচিত নাম ভূৱন বৈদ্যকাৰ। 'কাচ্ছা বাদাম' গান গাই ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল ভূৱন। কাচ্ছা বাদাম গানৰ পৰাই নিশাৰ ভিতৰতে চেলিব্ৰেটী হৈ পৰিছিল ভূৱন বৈদ্যকাৰ।

এই গান ভাইৰেল হোৱাৰ পাছতেই কেইবাদিনো বাতৰিৰ শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছিল তেওঁ। ইয়াৰ মাজতে পুনৰ চৰ্চালৈ আহিছে কাচ্ছা বাদামৰ গায়ক ভূৱন বৈদ্যকাৰ।

কিছুদিন পূৰ্বে তেওঁ মন্তব্য কৰিছিল যে তেওঁ আৰু বাদাম বিক্ৰী নকৰে। কিয়নো তেওঁ এতিয়া চেলিব্ৰেটী। ভূৱনৰ এই মন্তব্যইও ছ'চিয়েল মিডিয়াত বিশেষ চৰ্চা লাভ কৰিছিল।

কিন্তু এতিয়া নিজৰ ভুল স্বীকাৰ কৰে ভূৱনে। তেওঁ কয় যে "মই এতিয়া উপলব্ধি কৰিছো যে তেনেদৰে ক'ব নালাগিছি।ৰাইজে মোক চেলিব্ৰেটী বনাইছে কিন্তু প্ৰয়োজন আহিলে মই আকৌ বাদাম বিক্ৰী কৰিম।মই আপোনালোকৰ পৰা ইমান মৰম পাই কৃতজ্ঞ। মই অতি সাধাৰণ মানুহ আৰু সদায় সাধাৰণ জীৱন-যাপনে কৰি আহিছো। ছচিয়েল মিডিয়াৰ জনপ্ৰিয়তা চিৰদিনৰ বাবে নাথাকে। মই আপোনাক এজন ব্যক্তি হিচাপে আশ্বাস দিব পাৰোঁ যে মই সলনি হোৱা নাই"।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in