চাহৰ চেকনী এৰি জাকাৰ্টাত সোণৰ পিছত কবিতা…

 চাহৰ চেকনী এৰি জাকাৰ্টাত সোণৰ পিছত কবিতা…

ডিজিটেল ডেস্কঃ কিছু দিনৰ আগলৈকে তেওঁ ব্যস্ত আছিল চাহৰ দোকানত। পৰিয়ালৰটোৰ বাবে সেইখনেই উপাৰ্জনৰ পথ। নিজ হাতে চাহ বনাই গ্ৰাহকক খুৱাইছিল কবিতাই। ৰাস্তাৰ কাষতেই এই চাহৰ দোকানখন। সাধাৰণ এখন চাহৰ দোকান। নাম 'কল্পনা ধাবা'।

সেউজীয়া ৰং কৰা এই ধাবাখনলৈ গ্ৰাহকৰ বৰ বেছি সোত নবয়। তথাপিও চলি যায়। যি দুই এজন আহে পৰম তৃপ্তিৰে খাই। মূলত ইয়াত বেছি চাহেই বিক্ৰী হয়। আৰু দোকানখনত কাম কৰা কবিতাই কেতিয়াবা যদি হাতত চছপেন লৈ চাহ বাকে, আন কেতিয়াবা আকৌ কেচ কাউণ্টাৰত বহি ধনো লয় গ্ৰাহকৰ পৰা।

এতিয়া অৱশ্যে কবিতা ঘৰত নাই। ইণ্ডোনেছিয়াৰ জাকাৰ্টাত আছেগৈ কবিতা। খেল চাবলৈ যোৱা নাই কবিতা। খেলিবলৈহে গৈছে। সম্পূৰ্ণ নাম কবিতা ঠাকুৰ। ভাৰতীয় মহিলা কাবাদী দলৰ অন্যতম ভৰসাৰ খেলুৱৈ। কবিতাৰ বায়েকৰ নাম কল্পনা। দুয়ো কাবাদী খেলিছিল সৰুৰে পৰা।

এদিন কল্পনাই কাবাদী এৰি দিলে। টকা-পইচাকে ধৰি ঘৰৰ ইমান লেথা। ভনীয়েক কবিতাই কিন্তু কাবাদীক ধৰি থাকিলে। এখনৰ পাছত আনখনকৈ খেলত সুন্দৰ প্ৰদৰ্শনেৰে কবিতাই স্পৰ্টছ অথৰিটি অৱ ইণ্ডিয়াৰ দৃষ্টি আকৰ্ষণ কৰিলে। তাৰ পাছত কবিতাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ৫খনকৈ খেলত ভাৰতীয় মহিলা কাবাদী দলৰ হৈ সোণৰ পদক অৰ্জন কৰিলে।

ইতিমধ্যে জাপানক প্ৰথমখন খেলতেই ভাৰতে হৰুৱাইছে। এছিয়ান গেমছত আৰম্ভ হৈছে ভাৰতীয় মহিলা কাবাদী দলৰ জয়যাত্ৰা। ঘৰত থাকিলেও কল্পনাই প্ৰাৰ্থনা কৰিছে মন্দিৰে মন্দিৰে। আশা কৰে এইবাৰো এছিয়ান গেমছত ভাৰতে সোণৰ পদক পাব। সেই কৃতিত্বৰ অংশীদাৰ ভগ্নী কবিতাও হ'ব। চাহৰ দোকানৰ পৰা ৰাষ্ট্ৰীয় দলৰ হৈ জাকাৰ্টালৈ যোৱা কবিতা ঠাকুৰৰ ঘৰ হিমাচলপ্ৰদেশত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in