ৰহাত বান সাহায্য বিতৰণ নগাঁও জিলা কবি সন্মিলনৰ, VIDEO

ৰহাত বান সাহায্য বিতৰণ নগাঁও জিলা কবি সন্মিলনৰ, VIDEO

ডিজিটেল সংবাদ, ৰহাঃ বলীয়া বানে ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে কামপুৰ আৰু ৰহা ৰাজহ চক্ৰৰ প্ৰায় ৫০ খনৰো অধিক গাঁও জুৰুলা কৰাৰ পাছত এতিয়া বৰ্ন্যাত সকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। এতিয়াও বহু লোক যাব পৰা নাই নিজৰ ঘৰখনলৈ।

১০ দিন ধৰি পথৰ কাষত বহু লোক আশ্ৰয় শিৱিৰত আছে যদিও বৰ্তমান খাদ্য সংকটত বৰ্ন্যাত সকল৷ চৰকাৰে কিছু পৰিমাণে খাদ্য সামগ্ৰী যোগান ধৰিছে যদিও সেইয়া পৰ্যাপ্ত নহয়। মাত্ৰ এসাঁজহে খাব পৰা সামগ্ৰী বুলি অভিযোগ কৰিছে বনাক্ৰান্তই।

জাতীয় সংগঠন আৰু সেচ্ছাসেৱী সংগঠন সমূহেও বৰ্ন্যাত সকলৰ মাজত যোগান ধৰিছে খাদ্য সামগ্ৰী৷ ৰহাৰ গুইমাৰী, কুৱৰীআটি আদি বিভিন্ন অঞ্চলত সদৌ অসম কবি সন্মিলনৰ অন্তৰ্গত নগাঁও জিলা কবি সন্মিলনৰ উদ্যোগত বৰ্ন্যাত সকলৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰা হয়।

ৰাজ্যৰ বানপিড়ীত ৩২ খন জিলাত সদৌ অসম কবি সন্মিলনে খাদ্য সামগ্ৰী যোগান ধৰা বুলি জানিবলৈ দিয়ে। কবি সন্মিলনৰ বিভিন্ন শাখাসমূহে যোগান ধৰিছে খাদ্য সামগ্ৰীৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in