সদৌ অসম কবি সন্মিলনৰ ৰাম গগৈ, চুজাউদ্দিন আহমদ, অৱনী চক্ৰৱৰ্তী, বেণু চিৰিং, ইন্দ্ৰেশ্বৰ মিলি সোঁৱৰণি বঁটাৰ বাবে কাব্যগ্ৰন্থ, পাণ্ডুলিপি আহ্বান

সদৌ অসম কবি সন্মিলনৰ ৰাম গগৈ, চুজাউদ্দিন আহমদ, অৱনী চক্ৰৱৰ্তী, বেণু চিৰিং, ইন্দ্ৰেশ্বৰ মিলি সোঁৱৰণি বঁটাৰ বাবে কাব্যগ্ৰন্থ, পাণ্ডুলিপি আহ্বান

ডিজিটেল সংবাদ, ৰহাঃ উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ বৃহৎ কাব্য সংগঠন সদৌ অসম কবি সন্মিলনে বিগত বৰ্ষ সমূহৰ দৰে এইবাৰো অসমৰ ন-পুৰণি কবিসকলক উৎসাহিত কৰাৰ মানসেৰে কবি সন্মিলনৰ প্ৰাণ প্ৰতিষ্ঠাতা 'পথাৰ' কবি ৰাম গগৈ, কাব্যপ্ৰাণ চুজাউদ্দিন আহমদ, কবি অৱনী চক্ৰৱৰ্তী, বেণু চিৰিং, সমাজকৰ্মী ইন্দ্ৰেশ্বৰ মিলি, কাব্যশ্ৰী হাজৰিকা, জনাৰ্দন শইকীয়া আৰু জয়মতী শইকীয়া, মলাৰাম নাথ আৰু অমূল্য শইকীয়া, সম্প্ৰীতি(টুকটুক)শইকীয়া, আলহাজ চৈয়দ আমান উল্লাহৰ সোঁৱৰণত এলানি বঁটা প্ৰদানৰ ব্যৱস্থা কৰিছে।

অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ধৰ্ম-ভাষা-বৰ্ণ, সম্প্ৰীতিৰ মিলনভূমি শোণিতপুৰ জিলাৰ তেজপুৰত অহা ২৯, ৩০ চেপ্তেম্বৰ আৰু ১, ২ অক্টোবৰ, ২০১৯ত তিনিটা দশক অতিক্ৰম কৰা সদৌ অসম কবি সন্মিলনৰ পঞ্চদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ তেজপুৰ অধিৱেশনৰ মুকলি সভাত এই বঁটা সমূহ প্ৰদান কৰা হ'ব। ২০১৭-২০১৯ বৰ্ষৰ প্ৰকাশিত কাব্য গ্ৰন্থৰ ভিত্তিত ৰাম গগৈ বঁটা, পঁচিশ বছৰ অনুৰ্ধ কবিৰ পঁচিশটা প্ৰগতিশীল কবিতাৰ পাণ্ডুলিপিৰ ভিত্তিত কাব্যপ্ৰাণ চুজাউদ্দিন আহমদ বঁটা, ত্ৰিশ বছৰ অনুৰ্ধ কবিৰ পঁচিশটা কবিতাৰ পাণ্ডুলিপিৰ ভিত্তিত অৱনী চক্ৰৱৰ্তী বঁটা, ২০১৭-২০১৯ ত প্ৰকাশিত এখন আলোচনাত্মক গ্ৰন্থৰ বাবে 'বেণু চিৰিং বঁটা', দহটা সন্ত্ৰাসবাদ বিৰোধী কবিতা পাণ্ডুলিপিৰ ভিত্তিত পঁচিশ বছৰ অনুৰ্ধ কবিক সমাজকৰ্মী ইন্দ্ৰেশ্বৰ মিলি বঁটা আৰু বিশ বছৰ অনুৰ্দ্ধ কবিৰ ২০১৭-২০১৯ বৰ্ষত প্ৰকাশিত কাব্যগ্ৰন্থৰ ভিত্তিত কাব্যশ্ৰী হাজৰিকা উদগনিমূলক বঁটা, পঁচিশটা কবিতাৰ 'পাণ্ডুলিপি'ৰ ভিত্তিত ওঠৰ বছৰ অনুৰ্দ্ধ কাব্য-চৰ্চাকাৰীক আলহাজ চৈয়দ আমান উল্লাহ শিশু কাব্য বঁটা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে।

ইয়াৰ ওপৰি এগৰাকী বিশিষ্ট কবিক জনাৰ্দন শইকীয়া আৰু জয়মতী শইকীয়াৰ সোঁৱৰণত বছৰটোৰ শ্ৰেষ্ঠ কবিৰ সন্মান, এগৰাকী চল্লিশ বছৰ অনুৰ্ধ কবিক সম্প্ৰীতি(টুকটুক)শইকীয়াৰ সোঁৱৰণত বছৰটোৰ শ্ৰেষ্ঠ যুৱ কবিৰ সন্মান, যিকোনো বিশ্ববিদ্যালয়ৰ অধীনত কবি আৰু কবিতা সম্পৰ্কীয় বিষয়ত গৱেষণা কৰি থকা এগৰাকী গৱেষকক মলাৰাম নাথ আৰু অমূল্য শইকীয়াৰ সোঁৱৰণত এককালীন আৰ্থিক সাহাৰ্য আগবঢ়োৱা হ'ব।

এই বঁটা সমূহৰ বাবে অসমৰ ইচ্ছুক কবিৰ পৰা কাব্যগ্ৰন্থ, কবিতাৰ পাণ্ডুলিপিৰ দুটাকৈ কপি বায়'ডাটা, বয়সৰ প্ৰমাণ পত্ৰ(প্ৰয়োজন সাপেক্ষে) অহা ৫ চেপ্তেম্বৰ, ২০১৯ ৰ ভিতৰত উজ্জ্বল পাওগাম, প্ৰধান সম্পাদক, সদৌ অসম কবি সন্মিলন, 'শব্দ', মহাত্মা গন্ধীপথ, যোৰহাট-১ ঠিকনাত প্ৰেৰণ কৰিবলৈ প্ৰচাৰ সম্পাদকদ্বয় মদাৰজ্যোতি আৰু অচ্যুত কুমাৰ বৰাই আহ্বান জনাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in