নলবাৰীত মহান শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম দিৱস পালন

নলবাৰীত মহান শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম দিৱস পালন

ডিজিটেল সংবাদ, নলবাৰীঃ অসমীয়া সংস্কৃতিৰ প্ৰাণপুৰুষ, অগ্ৰণী দেশপ্ৰেমৰ সৈনিক, জনতাৰ শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ চিন্তা আৰু স্মৃতি-সৃষ্টিক সজীৱ আৰু সততে মূৰ্তমান কৰি ৰাখিবলৈ যোৱা ৯ জুনত নলবাৰীত আৰম্ভ কৰা শিল্পীগৰাকীৰ জন্ম দিৱসৰ কাৰ্যসূচীৰ সোমবাৰে সামৰণি পৰে। এই উপলক্ষে জিলাখনৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা, জ্যোতিপ্ৰসাদ ৰচিত কবিতা আবৃত্তি আৰু জ্যোতিসংগীত প্ৰতিযোগিতা অনুষ্ঠিত হয়।

সোমবাৰে পুৱা ১০ বজাত নলবাৰী জিলা পুথিভঁৰাল প্ৰাংগনত শিল্পীজনাৰ প্ৰতিমূৰ্তিৰ পাদদেশত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সম্পন্ন হয়। আবেলি নলবাৰী নাট্যমন্দিৰৰ নন্দেশ্বৰ শইকীয়া সভাগৃহত আলোচনা সভা, সাংস্কৃতিক অনুষ্ঠান আৰু বঁটা বিতৰণী সভা অনুষ্ঠিত হয়। সভাত সভাপতিত্ব কৰে বিশিষ্ট কবি ভূপেন কুমাৰ দাসে।

সভাত বক্তৃতা প্ৰদান কৰি বিশিষ্ট সমাজ কৰ্মী প্ৰজ্জল দেবে বৰেণ্য শিল্পী গৰাকীৰ আদৰ্শৰে অনুপ্ৰাণিত হ'বলৈ নতুন প্ৰজন্মক আহ্বান জনায়। সভাত জিতেন্দ্ৰ জৈনেও ভাষণ ৰাখে। সোমবাৰৰ এই সভাতেই বিজয়ী প্ৰতিযোগীসকলৰ মাজত পুৰস্কাৰ বিতৰণ কৰা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in