শেহতীয়া খবৰ
মুম্বাইৰ লীলাৱতী হাস্পতালত ভৰ্তি অভিনেতা সঞ্জয় দত্ত...  •  ৰাজ্যত পুনৰ ২২১৮ জনৰ দেহত কোভিড পজিটিভ, আক্ৰান্তৰ সংখ্যা ৫৭,৭১৪জনলৈ বৃদ্ধি...  •  দৰঙত কোভিডত আক্ৰান্তৰ সংখ্যা ১৭৩০ জনলৈ বৃদ্ধি..  •  ৰাজ্যৰ আৰু এগৰাকী বিধায়ক আক্ৰান্ত কোৰোনাত...  •  সুশান্ত সিঙে কাম অভাৱত আত্মহত্যা কৰা নাছিল! মৃত্যুৰ আগদিনাও পাইছিল দুখন চিনেমাৰ অফাৰ...  •  কোভিড-১৯ঃ ৰাজ্যত পুনৰ ১৭৮২জন লোক হৈছে সুস্থ...  •  দুখবৰঃ ৰাজ্যত কোৰোনাত আক্ৰান্ত ৮জনৰ মৃত্যু...  •  ৫ শ্ৰেষ্ঠ ৰম্যপূৰীৰ অন্যতম পানীমূৰ-উমৰাংছুত শগুণ পৰাদি পৰিছে চূণশিল-কয়লা-বালি-শিলৰ লুন্ঠনকাৰী নেতা...  •  বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক আৰু শিলচৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যলৈ কৃত্বিত্বৰ বঁটা...  •  দেশৰ প্ৰতিটো প্ৰান্তত পাব হাইস্পিড ইন্টাৰনেট, বিএছএনএলৰ ‘BookMyFiber’ পৰ্টেল মুকলি...

চাইকেলৰ কেৰিয়াৰত পিতৃক লৈ ১২শ কিঃমিঃৰ সেই শিহৰণকাৰী যাত্ৰা এইবাৰ অভিনয়ৰ ৰূপত…

428

ডিজিটেল ডেস্কঃ জ্যোতি কুমাৰীক মনত আছেনে? এইবাৰ বিহাৰৰ জ্যোতিক দেখিবলৈ পোৱা যাব ৰূপালী পৰ্দাত। এই খবৰ লাভ কৰাৰ পাছতে তেওঁ কৈছিল, ‘মই সুখী হৈছো। মোৰ দৰে ছোৱালীৰ বাবে চিনেমা চোৱাটো বিলাসিতাৰ কথা। কিন্তু নিজে অভিনয় কৰাৰ কথা সপোনতো ভবা নাছিলো। মই যি কাম কৰিছিলো সেয়া মোক পৰিস্থিতিয়ে বাধ্য কৰিছিল। এগৰাকী কন্যা হিচাপে সেয়া আছিল মোৰ দায়িত্ব। মোৰ দেউতাক ঘৰলৈ উভতাই অনাৰ বাবে মই সুযোগ পাইছিলো। অৱশ্যে এই কামে মোৰ লগতে আমাৰ পৰিয়াল আৰু সম্পৰ্কৰ ক্ষেত্ৰতো কিবা যেন নতুনত্ব আনিলে।’

লকডাউনৰ সময়ত জ্যোতিৰ পিতৃ আবদ্ধ হৈ পৰিছিল হাৰিয়ানাৰ গুৰুগ্ৰামত। অসুস্থ পিতৃৰ খবৰ লবলৈ গৈ পিতৃৰ সৈতে তেওঁ আবদ্ধ হৈ পৰিছিল। ১২০০ টকা দি বিহাৰৰ ঘৰলৈকে গাড়ী ভাড়া কৰি অনাটো তেওঁৰ বাবে কোনোমতে সম্ভৱ নাছিল। যাৰ বাবে এখন চাইকেল যোগাৰ কৰি তেওঁ সেই চাইকেলতে অসুখীয়া পিতৃক ঘৰলৈ আনিছিল। এই খবৰে সেই সময়ত সংবাদমাধ্যমত শিৰোনামা দখল কৰিছিল।

উইমেক ফিল্মজ নামৰ প্ৰতিষ্ঠানটোৱে জ্যোতিৰ জীৱনৰ ভিত্তিত ছবিখন নিৰ্মাণ কৰাৰ বাবে আগবাঢ়ি আহিছে। কলিযুগৰ শ্ৰৱণ কুমাৰ ৰূপে সকলোৰে মাজত চৰ্চিত এইগৰাকী যুৱতীয়ে নিজৰ চৰিত্ৰত অভিনয় কৰিবলগীয়া ছবিখনৰ নাম দিয়া হ’ব ‘আত্মনিৰ্ভৰ’। অহা আগষ্টৰ পৰা ছবিখনৰ শ্বুটিং আৰম্ভ হ’ব।

দেউতাকৰ সৈতে তেওঁ গুৰুগ্ৰামৰ পৰা বিহাৰৰ দাৰভাংগালৈকে চাইকেলেৰে যোৱা সমগ্ৰ পথচোৱাৰ বিভিন্ন স্থানত দৃশ্যগ্ৰহণ কৰিব। ছবিখন পৰিচালনা কৰিব শ্বাইন কৃষ্ণই। বৰ্তমান সময়ত ছবিখন হিন্দী, ইংৰাজী আৰু মৈথেলী ভাষাত মুক্তি পাব। পৰৱৰ্তী সময়ত প্ৰায় কুৰিটা ভাষালৈ এইখন ছবি ডাব কৰা হ’ব। উল্লেখ্য যে, লকডাউনত কেনেদৰে বিভিন্ন লোক অসুবিধাৰ সন্মুখীন হোৱাৰ লগতে বিভিন্ন পৰস্থিতিৰে মোকাবিলা কৰিবলগীয়া হৈছে তাকো এইখন ছবিত প্ৰদৰ্শন কৰা হ’ব।

আন্তঃৰাষ্ট্ৰীয় দৰ্শকৰ বাবে ছবিখনৰ নাম দিয়া হ’ব ‘এ জাৰ্নি অব্ এ মাইগ্ৰেন্ট’। জ্যোতিয়ে পিতৃক কেনেদৰে চাইকেলত নি ঘৰ পাইছিলগৈ সেই সম্পৰ্কে অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণত বিস্তৃততভাৱে প্ৰতিবেদনযোগে প্ৰকাশ পাইছিল। পঢ়ক সেই প্ৰতিবেদন

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি