যোগ ব্যায়ামত ব্যস্ত বিশ্ব সবাতোকৈ চাপৰ মহিলাগৰাকী, চাওক VIDEO…

যোগ ব্যায়ামত ব্যস্ত বিশ্ব সবাতোকৈ চাপৰ মহিলাগৰাকী, চাওক VIDEO…

ডিজিটেল ডেস্কঃ শুকুৰবাৰে অথাৎ ২১ জুন তাৰিখে সমগ্ৰ বিশ্বই পালন কৰিব বিশ্ব যোগ দিৱস। বিশ্বৰ ভিন্ন প্ৰান্তৰ লগতে ভাৰতবৰ্ষতো এই দিৱসটোৰ পালন কৰিবলৈ চলি আছে যো জা।

শাৰিৰিক,মানসিকভাৱে মানুহক সুস্থ-সবল কৰি ৰাখিবলৈ যোগ ব্যায়ামৰ অৱদান উল্লেখ্যনীয। অসমতো ভিন্ন প্ৰান্তত ২১ জুন তাৰিখে পালন কৰা হব বিশ্ব যোগ দিৱস।

শেহতীয়াকৈ নাগপুৰৰ এক যোগ অনুশীলনস্থলীৰ এটা ভিডিঅ খুবেই ভাইৰেল হৈছে। ২১ জুনৰ যোগ দিৱসৰ বাবে নাগপুৰৰ এই অনুশীলনস্থলীত যোগ ব্যায়ামত ব্যস্ত হৈ আছে বিশ্বৰ সবাতোকৈ চাপৰ মহিলাগৰাকী।

তেওৰ নাম জ্যোতি আমগে। জ্যোতিৰ শৰীৰৰ উচ্চতা মাত্ৰ ৬৩ ছেন্টিমিটাৰ। ৫ কেজি ওজনৰ জ্যোতিয়ে বৃহস্পতিবাৰে পুৱাই কিছু শিশুৰ সৈতে যোগ ব্যায়ামৰ অনুশীলন কৰা দেখা গল।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in