গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাজ্যিক ভিত্তিত যুৱ সংসদ প্ৰতিযোগিতা সম্পন্ন

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাজ্যিক ভিত্তিত যুৱ সংসদ প্ৰতিযোগিতা সম্পন্ন

ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি চমুকৈ এনএছএছ কোষৰ উদ্যোগত আৰু ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ সহযোগত বৃহস্পতিবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত ৰাজ্যিক যুৱ সংসদ প্ৰতিযোগিতা অনুষ্ঠিত হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ এনএছএছ কোষৰ আঁচনি সমন্বয়ক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্র কল্যাণ সঞ্চালক ড° ৰঞ্জন কুমাৰ কাকতিয়ে জানিবলৈ দিয়া অনুসৰি প্ৰত্যেক জিলাৰ পৰা মুঠ ৬০ গৰাকী যুৱ ছাত্র প্ৰতিনিধিয়ে উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে।

এক দেশ এক নিৰ্বাচন, স্বচ্ছ ভাৰত অভিযান, ভাৰতবৰ্ষ এখন শক্তিশালী দেশৰ ফালে অগ্ৰাধিকাৰ হৈছে, ডিজিটেল ইণ্ডিয়া ইত্যাদি বিষয়ৰ ওপৰত যুৱ সংসদত আলোচনা আগবঢ়াই যুৱ প্ৰতিনিধি সকলে। উক্ত প্ৰতিযোগিতাত শ্ৰেষ্ঠ যুৱ সংসদৰ সন্মান লাভ কৰে নগাঁও জিলাৰ সুভলক্ষ্মী বৰাই। দ্বিতীয় শ্ৰেষ্ঠ সন্মান লাভ কৰে শোণিতপুৰ জিলাৰ ৰীতা গুৱালাই। বিচাৰকৰ আসন অলংকৃত কৰে বিশিষ্ট সাংবাদিক আমাৰ অসম কাকতৰ মূখ্য বাতৰি সম্পাদক তথা কাৰ্য্যবাহী সম্পাদক গৌতম শৰ্মা, অসম চৰকাৰৰ গৃহ নিৰ্মাণ পৰিষদৰ উপ সঞ্চালক সুভাষ দত্ত, সমাজকৰ্মী পুতলী কাষ্ট, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ প্ৰাক্তন জয়ন্ত কৃষ্ণ শৰ্মা আৰু ব্ৰগেদাৰ ৰঞ্জন ৰবঠাকুৰে।

ইফালে উক্ত অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ মহাধিবক্তা অধ্যাপক ৰমেশ চন্দ্ৰ বৰগোঁহাই। আনহাতে ৰাজ্যিক যুৱ সংসদত নিৰ্বাচিত প্ৰতিনিধি দুগৰাকীয়ে অহা ২৩ আৰু ২৪ ফেব্ৰুৱাৰীত নতুন দিল্লীত অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় যুৱ সংসদ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ বাবে যোগ্যতা অৰ্জন কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in