জুৰীয়াত মডেল স্কুল নিৰ্মাণৰ নামত শিক্ষা বিভাগৰ ল’ৰা-ধেমালি

জুৰীয়াত মডেল স্কুল নিৰ্মাণৰ নামত শিক্ষা বিভাগৰ ল’ৰা-ধেমালি

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ ৰাজ্যৰ আন চৰকাৰী শিক্ষানুষ্ঠানৰ কথা বাদেই দিয়ক। সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ শিক্ষামন্ত্ৰী হিচাপে নিজকে দাবী কৰা ড° হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত প্ৰতিষ্ঠা কৰা মডেল স্কুলৰ অৱস্থা দেখিলে আপুনি হতভম্ব হ'ব। নগাঁও জিলাৰ জুৰীয়াত থকা এইখন মডেল স্কুলতেই নাই এতিয়া শিক্ষক।

নিৰ্মান কাৰ্য তথা আন্তঃগাঁথনি সম্পূৰ্ণ নোহোৱাকৈয়ে খৰখেদাকৈ উদ্বোধন কৰা হ'ল এই মডেল বিদ্যালয়খন। কংগ্ৰেছ চৰকাৰৰ দিনতে নিৰ্মান কাৰ্য আৰম্ভ হোৱা বৃহত্তৰ এলেকাৰ ৰাইজৰ বহু প্ৰত্যাশিত মডেল স্কুলখনৰ কাম বছৰৰ পাছত বছৰ আধৰুৱা হৈ আছিল। তেনে অৱস্থাতেই ৬ আগষ্টত স্থানীয় বিধায়কগৰাকীৰ তৎপৰতাত আৰম্ভ হৈছে বিদ্যালয়খনৰ পাঠদান।

সকলো দিশৰ পৰা সা-সুবিধা লাভ কৰি নিজৰ শিশুসকলক এই মডেল স্কুলখনত পাঠগ্ৰহণৰ বাবে পঠিয়াবলৈ সাজু হোৱা অভিভাৱকসকলৰ মতে, এয়া কণ কণ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক লৈ চৰকাৰৰ শিক্ষা বিভাগটোৰ চৰম ভেঙুচালী কৰিছে৷

প্ৰাপ্ত তথ্য মতে, কংগ্ৰেছ চৰকাৰৰ শিক্ষা মন্ত্ৰীৰ দায়িত্বত থাকোতেই ড° হিমন্ত বিশ্ব শৰ্মাৰ তত্বাবধানতে প্ৰায় ৩.৬২ কোটি টকা ব্যয় সাপেক্ষে এই মডেল স্কুলখনৰ নিৰ্মানৰ কাম আৰম্ভ হৈছিল। লাহে লাহে পুঁজিৰ অভাৱত সেয়া লেহেমীয়া হৈ নিৰ্মাণ কাৰ্য বন্ধ হৈ পৰে৷

বিজেপি নেতৃত্বাধীন চৰকাৰ গঠনৰ পিছতে স্থানীয় বিধায়ক নুৰুল হুদাই বিদ্যালয়খন পৰিদৰ্শন কৰি বিধানসভাত বিষয়টো উথ্থাপণ কৰাৰ উপৰিও বিভাগীয় কৰ্তৃপক্ষক তাগিদা দিয়াৰ ফলশ্ৰুতিত মাত্ৰ দুটা শ্ৰেণী কোঠাৰ নিৰ্মান কাৰ্য সম্পূৰ্ণ হৈ উঠে। সেই অৱস্থাতেই এখন মডেল স্কুলৰ পাঠ্যক্ৰম আৰম্ভ হৈছে।

বৰ্তমান এজন অধ্যক্ষ আৰু এজন শিক্ষকক নিযুক্তি দি জুৰীয়া মডেল স্কুলত পাঠদান চলাইছে যদিও, নিযুক্তি দিয়া হোৱা নাই পৰ্যাপ্ত শিক্ষকক তথা কৰ্মচাৰীক। তেনেকৈয়ে প্ৰয়োজনীয় ষ্টাফ নিযুক্তি অবিহনে প্ৰথম শ্ৰেনীত নামভৰ্তি সম্পন্ন হৈছে আৰু সোমবাৰৰ পৰা পাঠদান আৰম্ভ হোৱা বুলি জানিব পৰা গৈছে ৷

চৰকাৰৰ কোনো বিভাগতেই ধনৰ অভাৱ নাই বুলি সততে জহাই ফুৰা বৰ্তমান বিত্ত মন্ত্ৰীৰ দায়িত্বত থকা সেই সময়ৰ শিক্ষামন্ত্ৰীগৰাকীক ৰাইজৰ প্ৰশ্ন, যদি চৰকাৰৰ টকাৰ কোনো অভাৱেই নাই তেন্তে কি কাৰণত এনেদৰে আধৰুৱা হৈ ৰ'ল বৃহত্তৰ জুৰীয়া এলেকাৰ একমাত্ৰ মডেল স্কুলখন?

নিৰ্মাণ কাৰ্য আৰু পৰ্যাপ্ত শিক্ষক নিযুক্তি নিদিয়াকৈ কিয় পাঠদান আৰম্ভ কৰিবলগীয়া হ'ল বুলিও ৰাইজে প্ৰশ্ন কৰিছে। আধৰুৱাকৈ হ'লেও বহু বছৰৰ মূৰত বিদ্যালয়খন মুকলি হোৱাত এক আনন্দৰ বাতাবৰণ পৰিলক্ষিত হৈছিল স্থানীয় ৰাইজ তথা অভিভাৱকৰ মাজত। কিন্তু, বিদ্যালয়খনৰ বাস্তৱ ছবি দেখা পাই এতিয়া চৰম অসন্তুষ্টি ব্যক্ত কৰিছে অঞ্চলবাসীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in