জুৰীয়া কাণ্ডক লৈ তৎপৰ আৰক্ষী, এজনক আটক

জুৰীয়া কাণ্ডক লৈ তৎপৰ আৰক্ষী, এজনক আটক

ডিজিটেল সংবাদ, নগাঁওঃ জুৰীয়াত সংঘটিত ডকাইতি কাণ্ডৰ অভিযুক্তক বিচাৰি আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে৷ ডকাইতি কাণ্ডৰ লগত জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে ইতিমধ্যে ফুৰকান আলী নামৰ এজন লোকক আটক কৰি জেৰা অব্যাহত ৰাখিছে৷

উল্লেখ্য যে, নগাওঁ জিলাৰ জুৰীয়াত শনিবাৰে নিশা বন্দুকধাৰী ডকাইতৰ এটা দলে এজন মৰাপাট ব্যৱসায়ীৰ ঘৰত প্ৰৱেশ কৰি ডকাইতি কাণ্ড সংঘটিত কৰিছিল।

ডকাইতৰ দলটোৱে ফক্কৰ উদ্দিন নামৰ ব্যৱসায়ীজনৰ ঘৰৰ পৰা আ-অলংকাৰ, নগদ ধনসহ ১০ লক্ষাধিক টকাৰ সামগ্ৰী লুটি নিয়ে। এই কাৰ্যত বাধা দি চিঞৰ-বাখৰ কৰাত দলটোৱে ব্যৱসায়ীজনৰ পত্নীলৈ লক্ষ্য কৰি গুলীচালনা কৰে। ফলত হাচপিন বেগম নামৰ মহিলাগৰাকীৰ থিতাতে নিহত মৃত্যু ঘটে৷

এই ঘটনাৰ পিছতে আৰক্ষী অধীক্ষক শংকৰ ৰায় মেধিৰ নেতৃত্বত আৰক্ষীৰ এটা দলে জিলাখনত ডকাইতি কাণ্ডৰ অভিযুক্তক বিচাৰি অভিযান আৰম্ভ কৰে৷ আৰক্ষীয়ে অতি শীঘ্ৰেই অভিযুক্তক আটক কৰিবলৈ সক্ষম হ'ব বুলিও আশ্বাস প্ৰদান কৰিছে আৰক্ষী অধীক্ষক শংকৰ ৰায় মেধিয়ে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in