জুৰীয়াত মাজনিশা ডিঙিৰ অলংকাৰ কাঢ়ি মহিলাক গুলীয়াই হত্যা ডকাইতৰ

জুৰীয়াত মাজনিশা ডিঙিৰ অলংকাৰ কাঢ়ি মহিলাক গুলীয়াই হত্যা ডকাইতৰ

ডিজিটেল সংবাদ, জুৰীয়াঃ নগাঁও জিলাৰ জুৰীয়াত পুনৰ সংঘটিত হৈছে চাঞ্চল্যকৰ ডকাইতি কাণ্ড৷ শনিবাৰে নিশা বন্দুকধাৰী ডকাইতৰ এটা দলে এজন মৰাপাট ব্যৱসায়ীৰ ঘৰত প্ৰৱেশ কৰি ডকাইতি সংঘটিত কৰে।

ডকাইতৰ দলটোৱে ফক্কৰ উদ্দিন নামৰ ব্যৱসায়ীজনৰ ঘৰৰ পৰা আ-অলংকাৰ, নগদ ধনসহ ১০ লক্ষাধিক টকাৰ সামগ্ৰী লুটি নিয়ে। এই কাৰ্যত বাধা দি চিঞৰ-বাখৰ কৰা বাবে দলটোৱে ব্যৱসায়ীজনৰ পত্নীক লক্ষ্য কৰি গুলী চালনা কৰে। ফলত থিতাতে নিহত হয় হাচপিন বেগম নামৰ মহিলাগৰাকী।

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি আৰক্ষী-প্ৰশাসনৰ নিষ্ক্ৰিয়তাৰ সুযোগ লৈ অঞ্চলটোত সংঘটিত হৈ আহিছে এটাৰ পিছত আনটো ডকাইতি কাণ্ড। একেদৰে, অঞ্চলটোৰ ডকাইতৰ দলৰ লগতে, মদাহী-জুৱাৰীৰ হাততো বন্দুক আহি পৰা বিষয়টোৱেও সচেতন লোকসকলক হতচকিত কৰি তুলিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in