কোৰোনাৰ বিৰুদ্ধে যুঁজ, জুনিয়ৰ কলেজৰ শিক্ষক-কৰ্মচাৰীয়ে দিলে এদিনৰ দৰমহা

কোৰোনাৰ বিৰুদ্ধে যুঁজ, জুনিয়ৰ কলেজৰ শিক্ষক-কৰ্মচাৰীয়ে দিলে এদিনৰ দৰমহা

ডিজিটেল সংবাদ, নলবাৰীঃ বিশ্বত্ৰাস কোৰোনা ভাইৰাছৰ সংক্ৰমণে অতিমাৰী ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত এই ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে অসম চৰকাৰে যি নিৰন্তৰ আৰু যুদ্ধকালীন প্ৰচেষ্টা হাতত লৈছে তাৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াইছে অসম জুনিয়ৰ কলেজ শিক্ষক কৰ্মচাৰী সন্থাই। সন্থাৰ সভাপতি নগেন্দ্ৰ নাথ শৰ্মা আৰু সম্পাদক উৎপল চক্ৰৱৰ্তীয়ে এক বিবৃতিত ৰাজ্যখনত ভাইৰাছ বিধৰ সংক্ৰমণ ৰোধৰ বাবে অসম চৰকাৰক তৎকালীনভাবে প্ৰয়োজন হোৱা অৰ্থৰ জোৰা মাৰিবলৈ সদৌ অসম কৰ্মচাৰী পৰিষদে গ্ৰহণ কৰা সিদ্ধান্তক সমৰ্থন জনায়।

সেইমতে মাৰ্চ মাহৰ মহিলী মূল দৰমহাৰ পৰা সুদবিহীনভাবে ১০% দৰমহা কৰ্তন কৰাৰ বাবেও সন্মতি জনায়। লগতে অসম জুনিয়ৰ কলেজ শিক্ষক কৰ্মচাৰী সন্থাই সকলো স্তৰৰ শিক্ষক কৰ্মচাৰীৰ এদিনৰ দৰমহা সাহায্য হিচাপে আগবঢ়োৱাৰ সিদ্ধান্তৰ বিষয়ে ঘোষণা কৰে। বিবৃতিটোত শেহতীয়াভাৱে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে কোভিড-১৯ প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰা নিৰ্দেশাবলী সকলোকে মানি চলিবলৈ আহ্বান জনায়। লগতে এনে প্ৰচেষ্টাত চৰকাৰক সকলো প্ৰকাৰৰ সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।

সন্থাই প্ৰকাশ কৰে যে, স্থগিত হোৱা উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক পৰীক্ষা, অনুষ্ঠিত হৈ যোৱা চূড়ান্ত পৰীক্ষাৰ মূল্যায়নৰ যাবতীয় কামকাজ আৰু সম্প্ৰতি 'তলাবন্ধ'ৰ বাবে ছাত্র ছাত্ৰীৰ পাঠদানৰ ক্ষতিপূৰণ কৰাৰ বাবে স্বাভাৱিক অৱস্থাত সকলো বন্ধৰ দিনত নিয়মীয়াকৈ কামকাজ কৰাৰ বাবে সকলোকে মানসিকভাৱে প্ৰস্তুত হ'বলৈ আহ্বান জনায়। সকলো ছাত্র ছাত্ৰীয়ে যাতে আতংকিত নহৈ সতৰ্কতাৰে ঘৰতে অধ্যয়নত জড়িত হৈ থাকে তাৰ বাবেও অনুৰোধ জনায়। মানৱ জাতিৰ বাবে আহি পৰা এই দুৰ্যোগৰ সময়ত সকলোকে একত্ৰিত হৈ কোৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ যুঁজৰ অংশীদাৰ হ'বলৈ সন্থাই সকলোৰে প্ৰতি আহ্বান জনায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in