সোমবাৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিব…

সোমবাৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিব…

ডিজিটেল ডেস্কঃ বিশ্বৰ সবাতোকৈ বৃহৎ ৰাজনৈতিক দল বিজেপিৰ সভাপতি হিচাপে ২০ জানুৱাৰীত দায়িত্বভাৰ গ্ৰহণ কৰাৰ সম্ভাৱনা আছে জে পি নড্ডাই। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা বৰ্তমানৰ কাৰ্যকৰী সভাপতি হিচাপে অধিষ্ঠিত নড্ডাৰ এই খবৰ প্ৰচাৰ হোৱাৰ পাছতে তেওঁৰ জন্মস্থান বিলাসপুৰৰ বিজয়পুৰত আনন্দৰ বন্যা বৈছে।

শনিবাৰে নড্ডাৰ গাওঁবাসীৰ মাজত বিতৰণ কৰা হৈছে মিঠাই। গাওঁবাসীয়ে আগন্তুক দিনত জে পি নড্ডাৰ সফলতা কামনা কৰি পূজা-অৰ্চনা কৰাও খবৰ পোৱা গৈছে। উল্লেখ্য যে, জে পি নড্ডাই প্ৰথমে মোডী মন্ত্ৰীসভাৰ স্বাস্থ্যমন্ত্ৰী আৰু পিছলৈ বিজেপিৰ কাৰ্যকৰী সভাপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in