গালি নহয়, ‘নতুন প্ৰজন্ম’ৰ বাবে দিয়ক হাত তালি

গালি নহয়, ‘নতুন প্ৰজন্ম’ৰ বাবে দিয়ক হাত তালি

 মৃদুল কুমাৰ সন্দিকৈ

তোমাক দুটা সহজ প্ৰশ্ন সুধিম নে এটা কঠিন প্ৰশ্ন সুধিম? প্ৰতিযোগিতামূলক পৰীক্ষাৰ মৌখিক পৰীক্ষাৰ বিশেষজ্ঞজনে প্ৰাৰ্থীজনক সুধিলে। তেওঁৰ বয়স ৩০ৰ অতিক্ৰম কৰা নাই। প্ৰথমটো প্ৰশ্নৰে ছাত্ৰজনক বিবুধিত পেলাবলৈ চেষ্টা কৰিছিল। ছাত্ৰজনে অলপো সময় নলৈ উত্তৰ দিছিল- মোক এটা টান প্ৰশ্ন সোধক ছাৰ। বিশেষজ্ঞজনে ছাত্ৰজনক সুধিলে-'তুমি এই কোঠালৈ এটা চিৰি বগাই আহিছা। সেই চিৰিটোত কেইটা ষ্টেপ আছিল?' ছাত্ৰজনে কিছু সময় ভাবিলে। এনে এটা প্ৰশ্নৰ সন্মুখীন হ'ম বুলি কেতিয়াও ভবা নাছিল। তথাপিও হতাশ নহৈ উত্তৰ দিলে- '৫০টা।' বিশেষজ্ঞজনে পুনৰ সুধিলে- 'তুমি উঠি আহোতে গণনা কৰি আহিছিলা?' ছাত্ৰজনে বিশেষজ্ঞজনক দিয়া উত্তৰটো আছিল- ন' ম'ৰ কুৱেশ্যন প্লিজ। অৰ্থাৎ আৰু প্ৰশ্ন মোক নুসুধিব। লগতে সোঁৱৰাই দিলে- 'আপুনি মোক এটা টান প্ৰশ্ন সোধা কথাহে আছিল, দুটা নহয়'।

আজিৰ প্ৰজন্ম এনেকুৱাই। সপ্ৰতিভ, চতুৰ, বিশ্বৰ প্ৰতিটো প্ৰান্তৰ খবৰ ৰখোৱা আৰু নিজস্বতাক দাঙি ধৰিব পৰাকৈ সচেতন আৰু দায়িত্বশীল।

আজিৰ প্ৰজন্ম এনেকুৱাই। সপ্ৰতিভ, চতুৰ, বিশ্বৰ প্ৰতিটো প্ৰান্তৰ খবৰ ৰখোৱা আৰু নিজস্বতাক দাঙি ধৰিব পৰাকৈ সচেতন আৰু দায়িত্বশীল। বহুতে কয়, নতুন প্ৰজন্ম মানেই উশৃংখল। কিন্তু সেয়া সঁচা নহয়। দুই একৰ আলম লৈ এনে ধাৰণা পোষণ কৰিলেই নতুন প্ৰজন্মৰ ধ্যান-ধাৰণাক বুজিবলৈ অসুবিধা হয়। কিয়নো তথ্য আৰু প্ৰযুক্তিৰ ক্ষেত্ৰখনে তেওঁলোকক এনে ধৰণে অভিজ্ঞ কৰি তোলে যে, ব্যৱহাৰিকভাৱে কোনো পাঠ্যক্ৰম গ্ৰহণ কৰা বৃত্তিমুখী লোকতকৈ তেওঁলোক আগবঢ়া।

প্ৰতিটো মুহূৰ্ততে তেওঁলোকে নিজক অধিক তথ্যশীল কৰি ৰাখে। তেনেবোৰ কাৰণতেই নতুন প্ৰজন্ম আৰু পুৰণি প্ৰজন্মৰ মাজত ব্যৱধান বাঢ়ি গৈছে। ইয়াৰ বাবে পুৰণি প্ৰজন্মই নতুন প্ৰজন্মৰ সৈতে ফেৰ মাৰিবলৈ কিছু কথা জানিবলৈ আগ্ৰহ আৰু ইচ্ছা তথা চেষ্টা কৰিব লাগিব। পিতৃ-পুত্ৰৰ মাজত তেনে ব্যৱধানে সংঘাত আনিব পাৰে, যদিহে পিতৃয়ে পুত্ৰৰ মানসিকতাক সময়ৰ সৈতে তুলনা কৰি গ্ৰহণ কৰিব নোৱাৰে। আগতে কি কৰিছিল সেয়া এক গতানুগতিক পৰম্পৰা ৰূপে লৈ পুত্ৰৰ ওপৰত জাপি দিব খুজিলে তাক নতুন প্ৰজন্মৰ প্ৰতিনিধি হিচাপে পুত্ৰই গ্ৰহণ নকৰিব পাৰে। এইটোৱে আজিৰ বাস্তৱ। অসমৰ প্ৰেক্ষাপটত নতুন প্ৰজন্ম আজি বহু আগবাঢ়ি গৈছে।

এটা দিন আছিল, অসমীয়া পৰিয়ালৰ মহিলাসকল কৃষিকৰ্ম আৰু ৰান্ধনী ঘৰৰ মাজতেই সীমাৱদ্ধ হৈ আছিল। কিন্তু এতিয়া সেই দিন নাই। অসমৰ ছোৱালী গৈ বিমান চলাইছে গৈ। শেহতীয়াকৈ চৰ্চালৈ অহা তেনে এটা নাম আছিল অভিষ্কা বৰুৱা। তাৰ আগতেই অসমৰ প্ৰথম মহিলা পাইলট হিচাপে ধীৰা চলিহা, পাপৰি চৌধুৰীয়ে এই বাট কাটি গৈছে। গাঁৱৰ জীয়ৰী সপোন সুন্দৰী হৈ থকা নাই। বাস্তৱতেই সুন্দৰী হৈছে অসমৰ ছোৱালী। প্ৰিয়দৰ্শনী চেতাৰ্জীয়ে অসমৰ পৰা গৈয়ে ২০১৬বৰ্ষত ফেমিনাৰ মিছ ইণ্ডিয়া খিতাপ অৰ্জন কৰিছিল।

গাঁৱৰ সেই পৰিৱেশ আজি নাই। চহৰ-গাঁও সৰ্বত্ৰে আজি মহিলাসকল বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত হৈ পৰিছে। নিজকে ধুনীয়া আৰু আকৰ্ষণীয় কৰিবলৈ যি যত্ন ল'ব লাগে সেই যত্ন হয়। এয়া সময়ৰ আহ্বান। এনেদৰে অসমৰ একেবাৰে ভিতৰুৱা ধিঙৰ পৰা গৈ বিশ্ব পৰ্যায়ত জিলিকি উঠিছে হিমা দাস। বিশ্বমানৰ এগৰাকী এথলিট হিচাপে হিমাই নিজকে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত যি দৃঢ়তা দেখুৱাইছে সেয়া বিশ্বৰ বাবে অনুকৰণীয় হৈ পৰিছে। ইণ্ডোনেছিয়াত অনুষ্ঠিত হৈ থকা এছিয়ান গেমছত ভাৰতীয় দলৰ ৫৭২জন খেলুৱৈৰ ভিতৰত অসমৰ ৬গৰাকী খেলুৱৈয়েস্থান পাইছে। তাৰ ভিতৰত অস্মিতা চলিহা, ৰ'দালী বৰুৱা, কবিতা দেৱী, প্ৰমীলা দৈমাৰী হ'ল অসমৰ নাৰীক প্ৰতিনিধিত্ব কৰা প্ৰতিনিধি। একেদৰে ৰীমা দাসে ছবি নিৰ্মাণৰ জৰিয়তে নিজৰ ক্ষেত্ৰখনত উজ্বলি উঠিছে। ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভেই নহয়, এইগৰাকী ৰীমাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ সফলতাৰ দুৱাৰ মুকলি কৰিবলৈ সক্ষম হৈছে। নতুনত্বৰ সন্ধানেৰে অসমৰ সম্ভাৱনাৰ দুৱাৰ খুলি তেওঁ আগবাঢ়ি গৈছে। লগত লৈ গৈছে অতি ভিতৰুৱা অঞ্চলৰ কেইজনমান নতুন প্ৰজন্মক।

যোৱা কিছুদিনত অসমৰ শৈক্ষিক দিশতো যথেষ্ট পৰিৱৰ্তন আহিছে। আগতে সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষাত দুই এজনে উত্তীৰ্ণ হোৱাতোৱেই ডাঙৰ কথা আছিল। এতিয়া সেয়া বহু সলনি হৈছে। ২০১৮চনত ঘোষণা কৰা ইউ পি এছ চি পৰীক্ষাত অসমৰ পৰা বিপাশা কলিতাই ৪১নং স্থান, স্বপ্নালী পালে ৬৪নং স্থান, মৃগাশ্ৰী ডেকাই ১২৬নং স্থান, নাহৰ প্ৰণয় বৰদলৈয়ে ১৯৯নং স্থান, অৰুণ্যক শইকীয়াই ১৪৮ নং স্থান, পূৰ্ণ বৰাই ১৪৯ নং স্থান, মনালিকা বৰগোঁহায়ে ২৩০ নং স্থান, মামনি দলে ৫৯৩ নং স্থান, সুভজিৎ ভূঞাই ৬৪৫ নং স্থান, পাৰ্থপ্ৰতীম দাসে ৭৩৮ নং স্থান, মনোজ স্বৰ্গজ্যোতিয়ে ৭৫৯ নং স্থান, দীপজ্যোতি দাসে ৮৫৫ নং স্থান, যশোধৰা দাসে ৮৯৪ নং স্থান দখল কৰিবলৈ সক্ষম হৈছে। এইবোৰ কি নতুন প্ৰজন্মৰ সফলতা নহয়? অথচ এনে এটা দিন আছিল অসমৰ পৰা আই এ এছ, আই পি এছ নাপাই বুলি আমি আক্ষেপ কৰিবলগীয়া হৈছিল। ২০১৫চনতো ময়ো কুমাৰে ১১৮ নং স্থান পাইছিল। ২০০২ত মুকেশ পাণ্ডেয়ে ১৪ নং স্থান লাভ কৰি ইউ পি এছ চি পৰীক্ষাত উত্তীৰ্ণ হৈছিল। ২০১৭চনত অসম আৰক্ষী উপপৰিদৰ্শক এজনৰ পুত্ৰ দিবাকৰ দাসে ২৫৪ নং স্থান পাই ইউ পি এছ চি পৰীক্ষাত উত্তীৰ্ণ হৈ ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছিল।

এইখিনিতেই মন কৰিবলগীয়া আন এটা কথা হ'ল- এটা সময় আছিল গুৱাহাটী কেন্দ্ৰিক হৈ পৰিছিল অসমৰ শিক্ষা ব্যৱস্থা। মেট্ৰিক বা উচ্চতৰ মাধ্যমিক পৰীক্ষাত তুলনামূলকভাৱে শীৰ্ষ স্থানসমূহ দখল কৰিছিল চহৰসমূহৰ ছাত্ৰ-ছাত্ৰীয়ে। কটন মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত শীৰ্ষ স্থান দখল কৰাতো নিশ্চিত আছিল। সেই পৰম্পৰা আজি নাই। গাঁৱৰ ভিতৰুৱা অঞ্চলৰ পৰা বা আন ঠাইত থকা বিদ্যালয়-মহাবিদ্যালয়ৰ পৰা ছাত্ৰ-ছাত্ৰীয়ে তেনে সফলতা অৰ্জন কৰি এটা কথা বুজাই দিছে যে, আজিৰ তাৰিখত নতুন প্ৰজন্মই য'তেই নাথাকক কিয় তেওঁলোকে নিজৰ ক্ষেত্ৰখনত প্ৰতিষ্ঠাৰ বাবে সাজু কৰিব পৰাকৈ সক্ষম কৰি তুলিব পাৰে।

শেহতীয়াকৈ ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ নতুন প্ৰজন্মই আলোড়নৰ সৃষ্টি কৰিছে। নাহিদ আফ্ৰিদে সংগীতৰ ক্ষেত্ৰত সেই শ্ৰেষ্ঠত্বৰ দৌৰত নিজকে বহুখিনি আগুৱাই নিবলৈ সক্ষম হৈছে। প্ৰতিষ্ঠাৰ এই বাটত সেই পথেৰে মানসী চহৰীয়া, বিশাল শৰ্মা, শ্ৰুতি গোস্বামী আদিয়ে ভৰি থৈছে। ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে। অনামিক চৌধুৰী, দেৱজিৎ সাহা আদি অনেকৰ নাম ল'ব পাৰি। সংগীত-নৃত্যৰ দিশত তেওঁলোকে ৰাষ্ট্ৰীয় স্তৰত অসমক প্ৰতিনিধিত্ব কৰিছে। ডান্স ইণ্ডিয়া ডান্সত এদিন কণমানি জিতুমণি উজ্বলি উঠিছিল। আজি সেই জিতুমণি মুম্বাইৰ প্ৰতিষ্ঠিত হ'বলৈ গৈ আছে। কেবাখনো চিনেমাৰ সহযোগী নৃত্য নিৰ্দেশক হিচাপে কাম কৰিছে। এইবোৰ খবৰ আমি ৰাখিছো কিমান? সংবাদমাধ্যমে দিয়া খবৰবোৰৰ ওপৰত ভিত্তি কৰি আমি নিৰ্দিষ্ট কেইজনমান লোকেই এতিয়া কাম কৰি আছে বুলি ভাবো। প্ৰকৃতাৰ্থত এইসকৰ উপৰিও অসমৰ নৱ-প্ৰজন্মই নিজৰ কাম ঠিকেই কৰি আছে।

বিশ্বৰ ৮গৰাকী শান্তি স্থাপকৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে পিছপৰা সোণতলী গাঁৱৰ ছালমা হুছেইনে। আমেৰিকাৰ দৰে দেশলৈ ভাৰতক প্ৰতিনিধিত্ব কৰি গৈছে। এনে ইতিবাচক খবৰবোৰে নতুন প্ৰজন্মক সদায়ে উৎসাহিত কৰে। নতুন প্ৰজন্মক লৈ নিৰাশ হোৱা সকলে এইবোৰ খবৰৰ প্ৰতি মন নিদিয়ে। সংগীতৰ ক্ষেত্ৰত নিজস্ব ধাৰাৰে উজ্বলি উঠিছে। নীলোৎপল বৰা তেনে এটা নাম। অনুৰাগ শইকীয়াও নিজস্ব ধৰণেৰে সংগীত ক্ষেত্ৰখনত জড়িত হৈ পৰিছে।

সাহিত্যৰ দিশতো নতুন প্ৰজন্মই নিজস্ব সৃষ্টি কৰ্মক বিশ্বমানৰ কৰিবলৈ চেষ্টা চলাইছে। বিষয়বস্তুৰ লগতে উপস্থানৰ ৰীতি, প্ৰতিবাদী ধাৰা, ভাষাৰ চাতুৰ্যতাক লৈ পৰীক্ষাত নামিছে। তেনে বহু নতুন প্ৰজন্মই নীৰৱে নিজৰ কাম কৰি গৈছে। তেওঁলোকক হয়তো আমি স্বীকৃতি দিয়া নাই। পুৰণি স্বীকৃতিৰ পাছত দৌৰা সাহিত্যৰ মান আমি বঁটা সন্মানেৰে আজিও নিৰূপন কৰাৰ মানসিকতাৰ পৰা নিজক মুক্ত কৰিব পৰা নাই। কালজয়ী সৃষ্টি সমূহৰ বাদে তুলনামূলকভাৱে বহু প্ৰতিষ্ঠিত প্ৰবীন লেখক-লেখিকাত কৈ এইসকল নতুন প্ৰজন্মৰ লেখক-লেখিকাই সমাজৰ প্ৰতি অধিক দায়ৱদ্ধতাৰে কলম হাতত তুলি লৈছে। সেইবোৰ আমি স্বীকাৰ কৰিবলৈ টান পাওঁ। বিদ্যালয় বা মহাবিদ্যালয়ত পঢ়ি থকা ছাত্ৰ-ছাত্ৰীয়ে একগোট হৈ অধ্যয়নৰ মাজতেই সংগীত সাধনাত নিজক মনোনিৱেশ কৰিছে। সেই একাগ্ৰতা আৰু সাধনাত আন্তৰিকতাৰ লগতে সুস্থ মানসিকতাৰ প্ৰতিফলন ঘটিছে। এইবোৰ কি নতুন প্ৰজন্মৰ সৃষ্টিশীল কৰ্ম নহয়?

এতিয়া বিচাৰিলেই একোখন মঞ্চ হ'ব পাৰে। ছ'চিয়েল মিডিয়াৰ জৰিয়তে গোলাঘাটৰ এজনী কণমানি ছোৱালী গৈ বলিউডত গান গোৱাৰ সুবিধা পাইছে। ৰাষ্ট্ৰীয় টেলিভিশ্যনত অসমৰ নতুন প্ৰজন্মই সুধাকণ্ঠৰ এটা কালজয়ী গীত পৃথকভাৱে সংস্কৃতত উপস্থাপন কৰি সংবাদমাধ্যমৰ বাতৰিৰ শীৰ্ষ হৈছে। এই ভাল খবৰবোৰে আমাক অনুপ্ৰাণিত কৰে। নতুন প্ৰজন্মৰ প্ৰতি বিশ্বাস আৰু আস্থা বৃদ্ধি কৰে। আমি যিমান জানো, তেওঁলোকে তাতোকৈ বহু বেছি জানে। মহাত্মা গান্ধীয়ে সেয়ে কৈছিল- 'তুমি যিখন বিশ্বৰ কথা কল্পনা কৰা, সেই বিশ্ব গঢ়িব পাৰিব কেৱল নতুন প্ৰজন্মই।'
মাটিৰ সৈতে শিপা থকা নতুন প্ৰজন্মৰ জীৱনবোধ আছে। মাজতে আধুনিকতাৰ ধুমখুমীয়াত সেইবোৰ হেৰাই গৈছিল। এতিয়া আকৌ গ্ৰাম্য জীৱনবোধে মানুহক আকৰ্ষিত কৰিছে। তাৰ সমান্তৰালকৈ আধুনিকতা আৰু তথ্য-প্ৰযুক্তিৰে নতুন প্ৰজন্মৰ জীৱন সমৃদ্ধ হৈ আছে। ক্ৰীড়া ক্ষেত্ৰত শিৱ থাপা, এলেন দেউৰী, জয়ন্ত তালুকদাৰে অসমৰ নতুন প্ৰজন্মৰ প্ৰতিনিধি হিচাপে উঠি অহা প্ৰজন্মৰ বাবে আদৰ্শ হৈছে।

কেৱল নেতিবাচক সমালোচনাৰে নতুন প্ৰজন্মক উপলব্ধি কৰিব নোৱাৰি। নতুন প্ৰজন্মক বুজি পাবলৈ পুৰণি মানসিকতাৰ পৰা নিজক মুক্ত কৰিব লাগিব প্ৰথমে। নতুন কি জানেতকৈ, নতুনে কি নাজানে বুলি বুজিব লাগিব। দুই তিনি বছৰীয়া শিশু এটাই এতিয়া মোবাইল এটা সুন্দৰভাৱে পৰিচালনা কৰিব জানে। ক'ত কি আছে বিচাৰি উলিয়াব পাৰে। অথচ ৫০-৬০ বছৰীয়া লোক এজনেও এই কাম ভালদৰে কৰিব নোৱাৰে। নতুন আৰু পুৰণিৰ মাজত এতিয়া প্ৰভেদ ইমান। প্ৰযুক্তিৰ ধ্যান-ধাৰণাৰে তেওঁলোকে যুক্তিগতভাৱে নিজকে গঢ়ি তুলিবলৈ কেৱল কোনো এক বিষয়ৰ মাজত সীমাৱদ্ধ কৰি নাৰাখে। বিশাল ক্ষেত্ৰখনত প্ৰত্যেকটো বিষয়তে সমানে নিজক বিস্তাৰিত কৰোতে তেওঁলোক কম বয়সতে একো একোজন অভিজ্ঞ লোকতকৈ বেছি জনা হৈ পৰে।

কৃষি ক্ষেত্ৰতো একেই কথা। ৰাজ্যৰ কৃষিকৰ্মৰ সৈতে নতুন প্ৰজন্ম এনেদৰে একাত্ম হৈ পৰিছে যে, এফালে ইয়াৰ জৰিয়তে তেওঁলোকে সংস্থাপনৰ বাট মুকলি কৰিছে। আনফালে মুক্ত বজাৰ আৰু আধুনিক সা-সৰঞ্জাম ব্যৱহাৰেৰে উৎপাদন বৃদ্ধিৰ জৰিয়েত ৰাজ্যৰ অৰ্থনীতিলৈ প্ৰভূত বৰঙণি আগবঢ়াইছে। কলৰ খেতি কৰিয়েই সংস্থাপিত হোৱা বহু নতুন প্ৰজন্মৰ খেতিয়কে পিছৰ প্ৰজন্মৰ চকু মেল খুৱাই দিছে। পৰম্পৰাগত কৃষি পদ্ধতিৰ সৈতে আধুনিক কৃষি পদ্ধতিক সংমিশ্ৰণ কৰি বহু ঠাইত নতুন প্ৰজন্মই কৃষি বিপ্লৱৰ সূচনা কৰিছে। হয়তো এইবোৰ কথা সঠিকভাৱে কোনো মঞ্চত আলোচনা হোৱা নাই। ৰাজনৈতিক দিশতো নতুন প্ৰজন্ম যথেষ্ট সচেতন। তথাকথিত দল-সংগঠনৰ উৰ্ধত গৈ তেওঁলোকে নিজস্ব চিন্তা-চৰ্চা ছ'চিয়েল মিডিয়া বা আন মাধ্যমত সঠিকভাৱেই উপস্থাপন কৰি আছে। যিবোৰ কথা আমি লক্ষ্য কৰা নাই। মন্ত্ৰীৰ পুত্ৰই ৰাজনীতি কৰা সেই দিন অসমতো আছিল। এনে এটা দিন আহিব নতুন প্ৰজন্মই মানসিকতাই ৰাজনীতি ক্ষেত্ৰখনৰ বহু জটিলতাক সলনি কৰি সুস্থ আৰু সবল ৰাজনৈতিক পৰিকাঠামো গঢ়ি দিব আপুনি-মই নজানাকৈ।

নতুন প্ৰজন্মৰ ওপৰত আমি আশাবাদী হ'ব লাগিব। তেওঁলোকেই আমাৰ ভৱিষ্যৎ। সমস্যাবহুল এই ৰাজ্যখনত নতুন প্ৰজন্ম বা উঠি অহা প্ৰজন্মই সঠিক দিশেৰে আমাৰ সমাজখনক আগুৱাই নিব পাৰিব, যদিহে আমি তেওঁলোকক উৎসাহিত আৰু অনুপ্ৰাণিত কৰো। তেওঁলোকৰ মানসিকতাৰ সৈতে আমাৰ মানসিকতা একত্ব কৰি এক শক্তিশালী ভেটি তৈয়াৰ কৰিবলৈ আগবাঢ়ি আহো। ইয়াকে নকৰি নতুন প্ৰজন্মই কি কৰিছে বুলি উৎসাহ কৰা সকলে উপলব্ধি কৰক নতুন প্ৰজন্মই আজি কৰা নাই কি? ক্ৰীড়া, সাহিত্য, ৰাজনীতি, সামাজিক, সাংস্কৃতিক সকলো দিশতেই অসমৰ নতুন প্ৰজন্ম সঠিকভাৱেই আগুৱাই গৈছে। আমি কেৱল তেওঁলোকক উৎসাহিত কৰি উঠি অহা চামক সেইবোৰৰ প্ৰতি আকৰ্ষিত কৰিব লাগিব। অসমৰ নৱ-প্ৰজন্মৰ এই পৰিৱৰ্তনকামী চিন্তা-চৰ্চাক তথা কামক কোনোবাই স্বীকৃতি দিয়কে বা নিদিয়ক, এতিয়া কিন্তু অসমত নতুন প্ৰজন্মৰেই দিন। তেওঁলোকৰ এই কামবোৰ বিচাৰ-বিশ্লেষণ কৰিলে আবহ সংগীতৰ দৰে যেন কাণত বাজি থাকে 'শ্লাম ড'গ মিলিঅ'নাৰ'ৰ সেই বিখ্যাত গানটো- 'জয় হো…'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in