ভাৰতৰ চন্দ্ৰ অভিযান সফল হোৱাৰ সম্ভাৱনা কিমান…

ভাৰতৰ চন্দ্ৰ অভিযান সফল হোৱাৰ সম্ভাৱনা কিমান…

● পংকজ শৰ্মা

ৰাতিৰ আকাশৰ জোনটোৰ প্ৰতি আকৰ্ষণ সকলোৰে থাকে। শৈশৱৰ বহু সাধু কথা, ৰূপ কথাৰ অংশ হয় এই জোন। ৰাতিৰ বুকুত জোনাকৰ মায়াময় ৰহণ সনা জোনটোকৈ লৈ শেষ নাই কল্পনাৰ। তাহানিৰ পৰাই যাক লৈ সৃষ্টি হৈ আহিছে গল্প-কবিতা-সাধু কথাৰ, সেই জোনৰ দেশত ভৰি থৈ বাউল হোৱাৰ সপোন নেদেখে কোনে?

সেই সপোনেই এদিন প্ৰেৰণাযোগাইছিল চন্দ্ৰ বা জোনবাইৰ বুকুত আচলতেনো কি আছে, তাৰ ৰহস্য ভেদিবলৈ। কল্পনাৰদৰেই জোনৰ বুকুতো আছে জানো জীৱন? সেয়া জানিবলৈকে আৰম্ভ হৈছিল চন্দ্ৰৰ বুকুত খোজথোৱাৰ দূৰন্ত অভিযান।

১৯৫৮ চনক ১৭ আগষ্টত আৰম্ভহৈছিল চন্দ্ৰত খোজ দিয়াৰ প্ৰথমটো প্ৰয়াস। আমেৰিকা যুক্ত ৰাষ্ট্ৰ বায়ু সেনাৰ সহযোগতচন্দ্ৰ কক্ষলৈ ৰকেট প্ৰক্ষেপণৰ প্ৰয়াস কৰা হৈছিল যদিও বিফল হয় সেই প্ৰচেষ্টা।

পৃথিৱীৰ পৰা চন্দ্ৰৰবুকুলৈ প্ৰেৰণ কৰা 'পায়নিৰ' নামৰ এই ৰকেটটোৰ উৎক্ষেপণৰ সময়তে ধৰা পৰে বিজুতি। যাৰফলত মহাকাশৰ ১৬ কিলোমিটাৰ দূৰত্বতে পৰিসমাপ্তি ঘটে প্ৰথমটো চন্দ্ৰ অভিযানৰ।

চন্দ্ৰৰ বুকুত অন্বেষণৰপ্ৰয়াস কিন্তু প্ৰথম ব্যৰ্থতাৰ পিছতেই থমকি ৰোৱা নাছিল। বৰং দুগুণ উৎসাহেৰে চলোৱাহৈছিল সেই প্ৰচেষ্টা। প্ৰতিখন আগশাৰীৰ ৰাষ্ট্ৰই চন্দ্ৰৰ বুকুৰ নজনা কথা জানিবলৈ হৈপৰিছিল উদগ্ৰীৱ।

আমেৰিকাৰ বিফল অভিযানৰপিছত এইবাৰ ৰাছিয়া সাজু হয় চন্দ্ৰলৈ বুলি। ১৯৫৮ চনৰ ২৩ ছেপ্টেম্বৰত ৰাছিয়াই লুনাই-১ নামৰ এক ৰকেট চন্দ্ৰলৈ প্ৰেৰণ কৰে। কিন্তু চন্দ্ৰ কক্ষপথত প্ৰৱেশৰ পূৰ্বেইবিফল হয় এই অভিযান। সেয়া আছিল চন্দ্ৰৰ বুকুলৈ গতি কৰাৰ দ্বিতীয় ব্যৰ্থ অভিযান।

একেটা বৰ্ষতে চন্দ্ৰলৈচলোৱা হয় তৃতীয়টো অভিযান। পায়'নীৰ-১ শীৰ্ষক ৰকেট উৎক্ষেপণৰে এই অভিযান চলায় নাছাই।কিন্তু কক্ষপথত প্ৰৱেশৰ কিছু সময় পাছতে যানৰ এক্সিলিমিটৰ বিজুতিৰ বাবে ব্যৰ্থ হয়এই অভিযানো।

চন্দ্ৰৰ বুকুত সফল অভিযানচলোৱাৰ পূৰ্বে ১০ বাৰকৈ বিফল হৈছিল বিশ্ব। নাছা, আমেৰিকা, ৰাছিয়াই চলোৱা এইঅভিযানসমূহ ব্যৰ্থ হ'লেও এয়া নিশ্চিত কৰিছিল যে চন্দ্ৰ যাত্ৰা অসম্ভৱ নহয়। সেইবিশ্বাস আৰু দৃঢ়তাৰেই ১৯৫৯ চনৰ ৩ মাৰ্চত নাছাই চলোৱা পায়'নিৰ-৪ চন্দ্ৰ অভিযানতচন্দ্ৰৰ নিচেই কাষ চাপিবলৈ সক্ষম হৈছিল। কিন্তু অৱশেষত মাত্ৰ কেই কিলোমিটামানদূৰত্বত বিফল হৈছিল নাছাৰ সেই অভিযানো।

অৱশেষত সফলতা আহিল। লুনা-২অভিযানে ৰাছিয়াক দিলে এই সফলতা। ১৯৫৯ চনৰ ১২ ছেপ্টেম্বৰত ৰাছিয়াই প্ৰেৰণ কৰা যানে১৩ ছেপ্টেম্বৰ দিনাখনত চন্দ্ৰৰ বুকুত অৱৰতণ কৰাৰ পিছতে ৰচনা হয় এক নতুন ইতিহাসৰ।

চন্দ্ৰৰ বুকুত অৱতৰণ কৰালুনা-২য়ে সমগ্ৰ বিশ্ববাসীক দি গ'ল এক নতুন খবৰ। চন্দ্ৰৰ বুকুৰ বহু ৰহস্য উদঘাটনকৰিলে এই অভিযানে। সেয়া আছিল পৃথিৱীৰ পৰা চন্দ্ৰলৈ প্ৰথমটো সফল যাত্ৰা। একেটাবছৰতে ৰাছিয়াই পুনৰ চন্দলৈ প্ৰেৰণ কৰে লুনা-৩ যান। ৪ অক্টোবৰ, ১৯৫৯ চনত চন্দ্ৰৰবুকুৰ গভীৰ অংশৰ প্ৰথমখন ফটো প্ৰেৰণ কৰে লুনা-৩য়ে।

১৯৬৬ চনত লুনা-৯ হৈছেচন্দ্ৰৰ বুকুত নিয়ন্ত্ৰিত ৰূপত সফল অৱতৰণ কৰা প্ৰথমখন মহাকাশ যান। লুনা-১০ চন্দ্ৰকক্ষত প্ৰৱেশ কৰা প্ৰথমটো সফল অভিযান আছিল। ১৯৬৮ চনৰ ৰা ১৯৭২ চনৰ ভিতৰত চন্দ্ৰৰবুকুলৈ জীৱ প্ৰেৰণৰ প্ৰস্তুতি চলায় আমেৰিকা যুক্তৰাষ্ট্ৰই। ১৯৬৮ চনৰ ৮ ডিচেম্বৰতচন্দ্ৰ কক্ষলৈ প্ৰেৰণ কৰা হয় প্ৰথমটো ক্ৰু মিছন। সেই সফল অভিযানৰ পিছত ১৯৬৯ চনৰমে'ত এপ'ল ১০ প্ৰেৰণ কৰা হয় চন্দ্ৰৰ বুকুলৈ। এই অভিযানৰ মূল উদ্দেশ্য আছিলচন্দ্ৰলৈ মানুহ প্ৰেৰণ কৰা। যাৰ ফলস্বৰূপে ১৯৬৯ চনত এপ'ল' ১১ অভিযানেৰে চন্দ্ৰৰবুকুত খোজ দিয়া প্ৰথমগৰাকী ব্যক্তিৰূপে পৰিগণিত হয় নীল আমষ্ট্ৰং।  

ইয়াৰ পিছত এপ'ল' ১৩ যানেৰেপুনৰ এবাৰ চন্দ্ৰলৈ মানুহ প্ৰেৰণৰ প্ৰচেষ্টা চলোৱা হৈছিল যদিও সেইবাৰ মহাকাশ যানত সংঘটিত বিজুটিৰ বাবে সম্ভৱহৈ নুঠিল। কিন্তু চন্দ্ৰৰ বুকুৰ এই অভিযানে উন্মোচিত কৰিলে বহু ৰহস্য। চন্দ্ৰৰবুকুৰ মাটি, পানী, বায়ুৰ লগতে জীৱৰো সন্ধান চলোৱা হ'ল।

পলমকৈ হ'লেও চন্দ্ৰঅভিযানত পিছ পৰি ৰোৱা নাই ভাৰতো। ২০০৮ চনৰ ২১ অক্টোবৰত চন্দ্ৰযান-১ৰে চন্দ্ৰৰবুকুত অভিযান আৰম্ভ কৰে ভাৰতে। ভাৰতৰ প্ৰথমটো অভিযানেৰে চন্দ্ৰৰ বুকুত পানীৰসন্ধান চলোৱা হয়। এই সফল অভিযানে পূৰ্বে কোনো অভিযানত লাভ নকৰা বহু গোপন ৰহস্যপুনৰ মুকলি কৰে।

চন্দ্ৰৰ বুকুলৈ বহু অভিযানচলিছে। তাৰে বহু সফল হৈছে আৰু বহু বিফল। তথাপিও অব্যাহত আছে চন্দ্ৰৰ ন ন তথ্য লাভৰপ্ৰচেষ্টা। ৰাছিয়া, চীন, জাপান, আমেৰিকা, ছোভিয়েট ৰাছিয়া আদি আগশাৰীৰ দেশৰ মহাকাশগৱেষণা সংস্থাসমূহে অবিৰত চেষ্টা অব্যাহত ৰাখিছে তাৰ বাবে।

২০১৯ চনৰ ২২ জুলাইত ভাৰতেচন্দ্ৰৰ বুকুলৈ আন এক অভিযান চলায়। নাম দিয়া হয়- চন্দ্ৰযান-২। ভাৰতীয় মহাকাশগৱেষণা সংস্থাৰ বিজ্ঞানীসকলে অশেষ কষ্ট আৰু ত্যাগেৰে সাজি উলিয়াও এই চন্দ্ৰযান-২ৱেচন্দ্ৰত সফল অৱতৰণ কৰিবলৈ সক্ষম হ'লে এক নতুন ইতিহাস ৰচিবলৈ সক্ষম হ'লহেঁতেন ভাৰত।

সকলো ঠিকেই চলি আছিল। ৭ছেপ্টেম্বৰত লেণ্ডাৰ বিক্ৰমে চন্দ্ৰৰ দক্ষিণ প্ৰান্তত সফল অৱতৰণক লৈ দেশবাসী সাৰেৰৈছিল মাজ নিশালৈকে। ইছৰ'ৰ নিয়ন্ত্ৰণ কক্ষত এজাক ছাত্ৰ-ছাত্ৰীৰ সৈতে এই ঐতিহাসিকমুহূৰ্তত অপেক্ষাত ৰৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।

ইছৰ'ৰ নিয়ন্ত্ৰণ কক্ষৰবিশাল ষ্ক্ৰীণত দেখা গৈছিল চন্দ্ৰৰ বুকুত সফল অৱতৰণৰ বাবে সাজু হোৱা বিক্ৰমলেণ্ডাৰক। আৰু মাত্ৰ অলপ সময় বাকী। চন্দ্ৰৰ নিচেই ওচৰ চাপিছে বিক্ৰম। একউত্তেজনাপূৰ্ণ পৰিৱেশ। ইছৰ'ৰ নিয়ন্ত্ৰণ কক্ষত বিজ্ঞানী সকলে আৰু বাহিৰত দেশবাসীয়েযেন উশাহ ল'বলৈ পাহৰিছে তেতিয়া। কেই মুহূৰ্তৰ পিছতে ইতিহাস ৰচিবলৈ সাজু ভাৰত।কিন্তু… হঠাৎ বিক্ৰমৰ সৈতে সংযোগ হেৰুৱাই পেলায় ইছৰ'ৱে। দেশবাসীয়ে অধীৰ অপেক্ষাতৰোৱা এক ঐতিহাসিক মূহুৰ্তৰ দুৱাৰ দলিতেই যেন সকলো স্তব্ধ হৈ পৰিল।

চন্দ্ৰপৃষ্ঠৰ পৰা মাত্ৰ২.১ কিলোমিটাৰ দূৰত্বত বিক্ৰম লেণ্ডাৰৰ সৈতে সংযোগ বিচ্ছিন্ন হয় ইছৰ'ৰ নিয়ন্ত্ৰণকক্ষৰ। সুদীৰ্ঘ দিনৰ প্ৰচেষ্টাত যতি পেলাই সফলতাৰ মাজতেই যেন বিফলতাই উনুকিয়ালে।কপালত মূৰ থৈ ভাগি পৰিল ইছৰ'ৰ অধ্যক্ষ কে শিৱান আৰু বিজ্ঞানীসকল।

সেই মুহূৰ্তত কে শিৱানৰসন্মুখত থিয় হৈ পিঠিত থপৰিয়াই আশ্বাস দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। এয়াবিফলতা নহয়। চন্দ্ৰৰ ইমান নিচেই ওচৰলৈ যোৱাটোও এক অনন্য সফলতা। এদিন ভাৰত চন্দ্ৰতসফল অৱতৰণতো সফল হ'বই।

কিন্তু এই অভিযানক লৈএতিয়াও আশা ৰাখিছে ইছৰ'ৱে। ইছৰ'ৰ সৈতে সংযোগ বিচ্ছিন্ন হোৱাৰ পিছতো বিক্ৰম লেণ্ডাৰসুকলমে থকা বুলি জনাইছে ইছৰ'ৰ অধ্যক্ষ কে শিৱানে। ইছৰ'ৱে জনোৱা অনুসৰি, যদিও সংযোগবিচ্ছিন্ন হোৱাৰ পিছত বিক্ৰম লেণ্ডাৰৰ কিছু অংশ ভাগি যোৱা বুলি আশংকা কৰা হৈছিল,কিন্তু শেহতীয়াকৈ অৰ্বিটাৰে প্ৰেৰণ কৰা ফটোৰ জৰিয়তে বিক্ৰম লেণ্ডাৰৰ কোনো ক্ষতিহোৱা নাই বুলি নিশ্চিত হৈছে ইছৰ'।

যদি তেনে হয়, তেন্তে ১৪দিনৰ ভিতৰত বিক্ৰম লেণ্ডাৰৰ সৈতে পুনৰ সংযোগ স্থাপন কৰিবলৈ সক্ষম হ'ব ভাৰতীয়মহাকাশ গৱেষণা সংস্থাই। লেণ্ডাৰৰ সৈতে সংযোগ স্থাপন কৰাত ইছৰ'ৰ টীমে টেলিমেট্ৰিকট্ৰেকিং আৰু কামাণ্ড নেটৰ্ৱকৰ জৰিয়তে চলাই আছে চেষ্টা। যদি বিক্ৰম লেণ্ডাৰৰ সৈতে সংযোগ স্থাপন সম্ভৱহয়, তেন্তে সক্ৰিয় হৈ উঠিব ৰভাৰ প্ৰজ্ঞানো। আৰু সেয়া হ'লে এই অভিযানক সফল ৰূপদিবলৈ সক্ষম হ'ব ইছৰ'।

'ফেইলাৰ ইজ দ্য পিলাৰ অৱ ছাকচেছ'। সাধু কথাৰ জোনবাইজনীলৈ যোৱাৰ বাট ইমান উজু কাৰোৰে বাবে নহয়। ৰাতিৰ আকাশত তৰাৰ সৈতে লুকাভাকুৰ খেল খেলা জোনবাই জনীৰ বুকুত খোজ দিয়াৰ হাবিয়াস চিৰদিন থাকিব। তাৰ লগতে থাকিব সফলতা, বিফলতাও। অনেক বাৰ এতিয়ালৈকে চলিছে জোনবাই যাত্ৰা। অনেকবাৰ আধাতেই অন্ত পৰিছে এই যাত্ৰাৰ। তথাপিও কমা নাই জোনৰ বুকুৰ ৰহস্য ভেদৰ আকাংক্ষা।

ভাগৰি নপৰে ইছৰ'ও। এইঅভিযানেই শেষ নহয় চন্দ্ৰযাত্ৰাৰ। পুনৰ ন উদ্যমেৰে চন্দ্ৰৰ ৰহস্য বিচাৰি অভিযানচলাব ইছৰ'ৰ বিজ্ঞানীসকলে। এদিন নহয় এদিন তাত সফল হ'বই। ইছৰ'ৰ বিজ্ঞানীসকলৰ ওপৰতদেশবাসীৰো আছে অগাধ বিশ্বাস। এই বিশ্বাসেৰেই এদিন ইতিহাস ৰচিব ইছৰ'ৱে জোনবাইৰ দেশলৈগৈ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in