ডোনাল্ডক ইমান টান প্ৰশ্ন কিয়? প্ৰৱেশ পত্ৰ বাতিল কৰি হোৱাইট হাউচৰ পৰা খেদিলে সাংবাদিকক

ডোনাল্ডক ইমান টান প্ৰশ্ন কিয়? প্ৰৱেশ পত্ৰ বাতিল কৰি হোৱাইট হাউচৰ পৰা খেদিলে সাংবাদিকক

ডিজিটেল ডেস্কঃ আমেৰিকাৰ হোৱাইট হাইচে বুধবাৰে সংবাদ প্ৰতিষ্ঠান চি এন এনৰ এগৰাকী সাংবাদিকৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ সৈতে মতানৈক্য ঘটাৰ পিছতে সাংবাদিকগৰাকীৰ প্ৰেছৰ প্ৰৱেশ পত্ৰ অস্থায়ীভাৱে বাতিল কৰে৷ বুধবাৰে অনুষ্ঠিত হোৱা সাংবাদিক সন্মিলনৰ সময়তে চি এন এনৰ সাংবাদিক জিম অকোষ্টাৰ সৈতে ৰাষ্ট্ৰপতিৰ মতানৈত্য সংঘটিত হৈছিল৷

প্ৰকাশিত বাতৰি অনুসৰি, সাংবাদিক সন্মিলনকালত সাংবাদিকগৰাকীয়ে ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক আমেৰিকাৰ দক্ষিণ সীমান্তত বৃদ্ধি পোৱা প্ৰৱজনৰ কাৰণ সম্পৰ্কে এক প্ৰশ্ন কৰে৷ ৰাষ্ট্ৰপতিগৰাকীয়ে এই প্ৰশ্নৰ উত্তৰ দিয়াৰ পিছতে যেতিয়া অকোষ্টাই পুনৰ এটা প্ৰশ্ন সুধিব বিচাৰে, তেতিয়া ট্ৰাম্পে খং প্ৰকাশ কৰি 'ইমানেই যথেষ্ট' বুলি সাংবাদিকগৰাকীক ধমক দিয়ে৷

আনহাতে তাৰ পিছতে হোৱাইট হাউচৰ এগৰাকী কৰ্মচাৰীয়ে সাংবাদিকগৰাকীৰ হাতৰ পৰা মাইক্ৰ'ফোনটো কাঢ়ি ল'বলৈ চেষ্টা কৰে যদিও সাংবাদিকগৰাকীয়ে বাধা প্ৰদান কৰে৷ ইয়াৰ এটা দিন পিছতে হোৱাইট হাউচে জিম অকোষ্টাৰ প্ৰেছ প্ৰৱেশ পত্ৰ সাময়িকভাৱে বাতিল কৰা বুলি জানিব পৰা যায়৷

ইফালে, হোৱাইট হাউচৰ প্ৰেছ সচিৱ চাৰা চেণ্ডাৰ্ছে এই ঘটনাত কিছু ৰহন সানি সাংবাদিকগৰাকীয়ে হোৱাইট হাউচত কৰ্মৰত এগৰাকী যুৱতীৰ লগত অশালীন আচৰণ কৰা বুলি মন্তব্য কৰে৷ কিন্তু এয়া সাংবাদিক সন্মিলনত উপস্থিত একাধিক সাংবাদিকে অস্বীকাৰ কৰাত চাৰা চেণ্ডাৰ্ছে জিম অকোষ্টাৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন কৰা বুলি প্ৰমাণিত হৈছে৷

উল্লেখ্য যে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প আৰু আমেৰিকাৰ সংবাদ মাধ্যমৰ মাজৰ সম্পৰ্ক সদায় অসন্তুষ্টিজনক বুলি প্ৰকাশ পাই আহিছে৷ ইয়াৰ পূৰ্বেও সংবাদ প্ৰতিষ্ঠান পি বি এছৰ এগৰাকী সাংবাদিকে আমেৰিকাৰ বৰ্ণ বৈসম্যৰ বিষয়ে ৰাষ্ট্ৰপতিগৰাকীক এক প্ৰশ্ন সোধাৰ পিছতে সাংবাদিকগৰাকীৰ প্ৰেছৰ প্ৰৱেশ পত্ৰ বাতিল কৰা হৈছিল৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in