সাংবাদিকৰ নিৰাপত্তাৰ দাবীত শাসক-বিৰোধী বিধায়কলৈ সাংবাদিক সুৰক্ষা মঞ্চৰ স্মাৰক পত্ৰ

সাংবাদিকৰ নিৰাপত্তাৰ দাবীত শাসক-বিৰোধী বিধায়কলৈ সাংবাদিক সুৰক্ষা মঞ্চৰ স্মাৰক পত্ৰ

ডিজিটেল সংবাদ, উৰিয়ামঘাটঃ সাংবাদিকৰ নিৰাপত্তাৰ স্বাৰ্থত শীঘ্ৰে সাংবাদিক সুৰক্ষা আইন প্ৰণয়নৰ বাবে দাবী জনাই সাংবাদিক সুৰক্ষা মঞ্চ, অসমে ৰাজ্যৰ শাসক-বিৰোধী দলৰ বিধায়কসকললৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে৷ গোলাঘাটত অনুষ্ঠিত হোৱা সাংবাদিক সুৰক্ষা মঞ্চৰ কেন্দ্ৰীয় কাৰ্যনিবাহকত লোৱা প্ৰস্তাৱৰ ভিত্তিত ১০ দফীয়া দাবীসম্বলিত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে৷ বৃহস্পতিবাৰৰ পৰা অনুষ্ঠিত হোৱা অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলৰ দলপতি দেবব্ৰত শইকীয়াকে ধৰি শাসক-বিৰোধীৰ বিধায়কসকললৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰি অধিৱেশনত সাংবাদিকৰ নিৰাপত্তাৰ বিষয়টো উত্থাপনৰ বাবে দাবী জনায়৷

সাংবাদিক সুৰক্ষা মঞ্চ, অসমৰ সভাপতি বিপুল মেধি আৰু সাধাৰণ সম্পাদক জ্যোতিষ কুমাৰ পাতিৰৰ স্বাক্ষৰিত স্মাৰক পত্ৰখনত সাংবাদিক সুৰক্ষা আইন প্ৰণয়নকে ধৰি আন কেইবাটাও দাবী উত্থাপন কৰিছে৷ বিশেষকৈ সাংবাদিক হত্যাকাৰীক চিনাক্ত কৰি শীঘ্ৰে শাস্তি প্ৰদানৰ ব্যৱস্থা কৰা, শ্বহীদ সাংবাদিকৰ পৰিয়ালক কৰ্মসংস্থাপন প্ৰদান কৰা, মাঝেথিয়া ৱেজ ব'ৰ্ডৰ নিৰ্দেশাৱলী কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰা, প্ৰতিগৰাকী সাংবাদিকক এক্ৰিডিয়েচন কাৰ্ড প্ৰদানৰ ব্যৱস্থা কৰা, অসমৰ জিলাই জিলাই সাংবাদিক অতিথিশালা নিৰ্মাণ কৰা, অৱসৰপ্ৰাপ্ত সাংবাদিকসকলৰ পেঞ্চনৰ নিৰিখ বৃদ্ধি কৰিবলৈ দাবী জনাইছে৷ আনহাতে এই দাবী কাৰ্যকৰী কৰাৰ বাবে শাসক-বিৰোধী দলৰ বিধায়কসকলক বিধানসভাৰ মজিয়াত উত্থাপন কৰি চৰকাৰৰ দৃষ্টিগোচৰ কৰিবলৈকো আহ্বান জনাইছে সাংবাদিক সুৰক্ষা মঞ্চ, অসমে৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in