জ্যেষ্ঠ সাংবাদিক বেদব্ৰত বৰা অসুস্থ! জিএমচিএইছৰ আইচিইউত চিকিৎসাধীন

জ্যেষ্ঠ সাংবাদিক বেদব্ৰত বৰা অসুস্থ! জিএমচিএইছৰ আইচিইউত চিকিৎসাধীন

ডিজিটেল সংবাদ, গুৱাহাটীঃ জ্যেষ্ঠ সাংবাদিক তথা লিখক বেদব্ৰত বৰা অসুস্থ। জ্যেষ্ঠ সাংবাদিকগৰাকী বৰ্তমান চিকিৎসাধীন হৈ আছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ আই চি ইউত। শুকুৰবাৰে বৰাক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল।

প্ৰথমে জ্বৰত আক্ৰান্ত জ্যেষ্ঠ সাংবাদিক বৰাক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত তেওঁৰ দেহত আন কিছু ৰোগৰ উপসৰ্গও ধৰা পৰে। হৃদযন্ত্ৰজনিত ৰোগত আক্ৰান্ত এই জ্যেষ্ঠ সাংবাদিকগৰাকীৰ আশু আৰোগ্য কামনা কৰিছে বিভিন্নজনে।

উল্লেখযোগ্য যে, কেইবাখনো গ্ৰন্থৰ ৰচক তথা অসমৰ সংবাদ মাধ্যমৰ সৈতে ওতঃপ্ৰতঃ ভাৱে জড়িত বেদব্ৰত বৰাই ৰাজ্যৰ বিভিন্ন সমস্যা সন্দৰ্ভতো সততে সৰৱ ভূমিকা পালন কৰি আহিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in