জোৰশিমুলীৰ বিভিন্ন প্ৰান্তত ছেনিটাইজেশ্যন জনস্বাস্থ্য কাৰিকৰী বিভাগৰ…

sanitization
sanitization

ডিজিটেল সংবাদ, গৰৈমাৰীঃ কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ অন্তৰ্গত জোৰশিমুলীৰ বিভিন্ন অঞ্চলৰ লগতে চৰকাৰী কাৰ্যালয়তো মঙলবাৰে কোৰোনা সংক্ৰমণ প্ৰতিহত কৰাৰ উদ্দেশ্যে ছেনিটাইজেশ্যন কৰা হয়৷

জানিব পৰা মতে, কোভিড-১৯ৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বকো উপ-সংমণ্ডলৰ সৌজন্যত আৰু ষ্টাৰ সমিতি এন জি অ'ৰ সহযোগত মঙলবাৰে গৰৈমাৰীৰ জোৰশিমুলী বজাৰ, জোৰশিমুলী পঞ্চায়ত কাৰ্যালয়, জোৰশিমুলী এল পি-এম ই আৰু হাইস্কুল, চৌতাৰা, হাঁহচৰী, কালাতলী পথাৰ, কান্দুলীমাৰী, চৌধুৰীপাম আদি ঠাইৰ লগতে বাট-পথো ছেনিটাজেশ্যন কৰা হয়৷

কাৰ্যসূচীত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সংখ্যালঘু বিভাগৰ সাধাৰণ সম্পাদক তথা কামৰূপ জিলা কংগ্ৰেছ কমিটিৰ সম্পাদক আজিৰুল সৰকাৰ, জোৰশিমুলী গাঁও পঞ্চায়তৰ সভাপতি জামাল উদ্দিন, সমাজকৰ্মী ৰবিউল হুছেইন অংশগ্ৰহণ কৰে৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in