গণ গৰ্জন, ৰূপহী অসমৰ আৰ্হিত মানৱ শৃংখলেৰে চেলেংহাটবাসীয়ে কঁপালে দিছপুৰৰ ভেটি, চাওঁক VIDEO

গণ গৰ্জন, ৰূপহী অসমৰ আৰ্হিত মানৱ শৃংখলেৰে চেলেংহাটবাসীয়ে কঁপালে দিছপুৰৰ ভেটি, চাওঁক VIDEO

ডিজিটেল ডেস্কঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যত তীব্ৰতৰ হৈছে প্ৰতিবাদ। সকলো লোকে 'কা'ৰ বিৰোধ কৰি ৰাজপথলৈ ওলাই আহিছে। ৰাজ্যৰ আন আন প্ৰান্তত তুলনাত প্ৰতিবাদ অধিক দেখিবলৈ পোৱা গৈছে উজনি অসমত। যোৰহাট, তিনিচুকীয়া, ডিব্ৰুগড়কে আদি কৰি বিভিন্ন জিলাত ঠায়ে ঠায়ে অব্যাহত আছে কা বিৰোধী প্ৰতিবাদ। সোমবাৰে চেলেংহাটত দেখিবলৈ পোৱা যায় এক ব্যতিক্ৰমী পৰিৱেশ।

'কা'ৰ বিৰুদ্ধে সোমবাৰে যোৰহাটৰ চেলেংহাটত দেখিবলৈ পোৱা গ'ল পূৰ্বে নেদেখা এক পৰিৱেশ। কোনো দল-সংগঠনৰ আহ্বান তথা উদ্যোগ অবিহনে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিল হাজাৰ হাজাৰ ৰাইজ। চেলেংহাটৰ বৈচাহাবী খেলপথাৰত হাজাৰ হাজাৰ লোকে ৰূপহী অসমৰ আৰ্হিত মানৱ শৃংখল গঢ়ি 'কা'ৰ বিৰুদ্ধে জনমত গঠন কৰে।

এই প্ৰতিবাদী কাৰ্যসূচীত ভাগ ল'লে কুৰিৰোধিক শিল্পীয়েও। শিল্পী নীল আকাশ, কুসুম কৈলাস, মানস ৰবীন, মাধৱ ৰঞ্জন ইত্যাদি সমৱেত হৈ কাৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দিয়ে। শিল্পী সকলে নিজ গানৰ মাধ্যমেৰে 'কা'ৰ বিৰুদ্ধে গৰজি উঠিল।

কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীৰে আয়োজন কৰা এই গণ গৰ্জন কাৰ্যসূচীত ভাগ লৈ ভাষণ দিয়ে বহুকেইটা সংগঠনৰ বিষয়ববীয়াই। অখিল গগৈৰ ঘৰৰ নিচেই ওচৰতে আয়োজন কৰা এই কাৰ্যসূচীত উপস্থিত থকা সংগঠনৰ বিষয়ববীয়া সকলেও চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰি কা কোনো কাৰণতে মানি নোলোৱাৰ হুংকাৰ দিয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in