অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰি নহয়! ধনদাবী কৰি ৰঙাঘৰত সোমাল জাতীয় সংগঠনৰ নেতা
ডিজিটেল ডেস্কঃ আলফা অথবা আন নিষিদ্ধ ঘোষিত সংগঠন নহয়, এইবাৰ ধনদাবী কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল জাতীয় সংগঠনৰ নেতা। যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে চুতীয়া জাতি ছাত্র সন্থাৰ এগৰাকী নেতাক। গ্ৰেপ্তাৰ হোৱা নেতাগৰাকীৰ নাম ৰাজ বাঢ়ৈবৰা।
উল্লেখ্য যে, ৰাজ বাঢ়ৈবৰা নামৰ লোকজনে চহৰখনৰ এখন ব্যৱসায়ীক প্ৰতিষ্ঠানৰ গৰাকীক ধন দাবী কৰাৰ অভিযোগ। ধনদাবী কৰাৰ অভিযোগ উত্থাপন কৰি যোৰহাট আৰক্ষী থানাত অৱগত কৰাৰ পিছতে তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ইফালে মাত্ৰ ধনদাবী কৰিয়ে ক্ষান্ত নাথাকে নেতাগৰাকী।
ৰাজ বাঢ়ৈবৰাৰ বিৰুদ্ধে প্ৰতিষ্ঠানখনৰ গৰাকীৰ পৰা মোবাইল ফোন কাঢ়ি নিয়াৰো অভিযোগ। দেওবাৰে গ্ৰেপ্তাৰৰ অন্তত আৰক্ষীয়ে নেতাগৰাকীক সোধা পোছা কৰি আছে বুলি জানিব পৰা গৈছে।