নাৰীবাদ প্ৰসংগ আৰু লিংগ অধ্যয়ন বিষয়ক মুকলি আলোচনা, নাট প্ৰদৰ্শন..

নাৰীবাদ প্ৰসংগ আৰু লিংগ অধ্যয়ন  বিষয়ক মুকলি আলোচনা, নাট প্ৰদৰ্শন..

ডিজিটেল সংবাদ বোকাখাতঃ যোৰহাটৰ যোগমৃণা ট্ৰাষ্ট পূৰ্বভাৰতী এডুকেশ্বনেল ট্ৰাষ্ট্ৰৰ উদ্যোগত আৰু বোকাখাত জাতীয় বিদ্যালয়ৰ লিংগ অধ্যয়ন শাখাৰ সহযোগত বৃহস্পতিবাৰে বোকাখাত জাতীয় বিদ্যালয়ৰ বকুল তল প্ৰাংগনত অনুষ্ঠিত হয় এক বিশেষ অনুষ্ঠান।সমগ্ৰ ভাৰত বৰ্ষৰ লগতে অসমতো ব্যাপক ৰূপত গা কৰি উঠা লিংগ বৈষম্যৰ প্ৰতি লক্ষ্য ৰাখি "নাৰীবাদ প্ৰসংগ আৰু লিংগ অধ্যয়ন বিষয়ক মুকলি আলোচনা" শীৰ্ষক এক আলোচনা অনুষ্ঠিত হয়।

বোকাখাত জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী, ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু কাজিৰঙা মহাবিদ্যালয়ৰ ছাত্ৰৰ দল, সদৌ অসম সাংবাদিক সন্থাৰ সভাপতি তথা বোকাখাতৰ জ্যেষ্ঠ সাংবাদিক জিতু শৰ্মা ৰাজখোৱা, বিশিষ্ট নাগৰিক আনিচুৰ ৰহমান, কবি নিজৰা বৰঠাকুৰ, প্ৰবীণ সাংবাদিক ভবানন্দ কলিতা,শিল্পী পদুমী গাজলু,কবি দিলীপ ফুকন,অমৰ কাকতি, পদ্মকেশৰ ছেত্ৰী,প্ৰদীপ বৰুৱা, আদি কৰি বিশিষ্ট লোকসকলে অংশ লোৱা আলোচনাখনত বক্তব্য আগবঢ়ায় উদ্যোক্তা বন্দিতা আচাৰ্য,ৰশ্মিৰেখা বৰা আৰু সোনেশ্বৰ নৰহে।

লগতে বিশ্বৰ অন্য দেশত নাৰীবাদী আন্দোলনসমূহে কবিতাক জনগণৰ লগত সংযোগৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰি আহিছে যদিও অসমীয়া ভাষাত তেনে কোনো বিশেষ পদক্ষেপ দেখা পোৱা নাযায় বাবেই কবিতাক নাৰীবাদী আন্দোলন চেতনাৰ লগত সংযুক্ত কৰাৰ এক চিন্তাৰে আয়োজন কৰা সদৌ অসম ভিত্তিত মৃণালিনী গোস্বামী আৰু যোগানন্দ গোস্বামী স্মাৰক নাৰীবাদী কবিতা লেখা প্ৰতিযোগিতাখনৰ বঁটা সমূহো বোকাখাত জাতীয় বিদ্যালয়ত অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানতে প্ৰদান কৰা হয়।

মুঠ ৩২ গৰাকী কবিয়ে অংশ গ্ৰহণ কৰা প্ৰতিযোগিতাখনত প্ৰথম কুঁকি কল্পিতা বৰা, কবিতা "কুশলে থাকিবি কুশলে ৰাখিবি", দ্বিতীয় মণিকংকনা বৰবৰা, কবিতা- "দেও উঠা নাৰীবোৰ" আৰু মৃদু পবন ৰাজখোৱা, কবিতা- "বহ্নিশিখা", তৃতীয় পুৰস্কাৰ লাভ কৰে আলফুল আবেলি, কবিতা- "সেই অদ্ভূত নিশাটো" আৰু ঋতুপৰ্ণই, কবিতা- "চোঁ হোৱাই ভাল"। বঁটা আৰু নগদ ধনসহ পুৰস্কাৰ সমূহ প্ৰদান কৰে পূৰ্বভাৰতী এডুকেশ্বনেল ট্ৰাষ্টৰ কৰ্মকৰ্তা ড০ অদিতি বেজবৰুৱা আৰু অধ্যাপিকা স্বামিম নাছৰিনে।

উল্লেখযোগ্য যে,অনুষ্ঠানৰ মূল বিষয় লিংগ অধ্যয়নৰ কাৰণ বা উপযোগিতা ফুটাই তুলিব পৰাকৈ বিশেষ শৈলীৰে এক নাট পৰিবেশন কৰে নাট্যশিল্পী পাপৰি মেধিয়ে।এই প্ৰাসংগিক বিষয়ৰ ওপৰত কথোপকথনত দৰ্শক, শ্ৰোতাই অংশগ্ৰহণ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in