যোৰহাটত ভয়ংকৰ অগ্নিকাণ্ড, নিহত ২

যোৰহাটত ভয়ংকৰ অগ্নিকাণ্ড, নিহত ২
  • দেওবাৰৰ মাজনিশা যোৰহাটত ভয়ংকৰ অগ্নিকাণ্ড।
  • সিংহী স্কুটাৰছ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানত সংঘটিত হয় এই অগ্নিকাণ্ড।
  • দুজনকৈ লোক নিহত হৈছে এই অগ্নিকাণ্ডত।
  • কেইবাজনো লোক আহত হৈছে বুলি জানিব পৰা গৈছে এই অগ্নিকাণ্ডত
  • জুইৰ বাবে গৃহটোত আৱদ্ধ হৈ থকা কেইবাজনো লোক জাঁপ দিয়ে সমীপতে বৈ যোৱা টোকোলাই নদীত।
  • প্ৰায় ৪ টা গৃহলৈকে সম্প্ৰসাৰিত হয় এই অগ্নিকাণ্ড।
  • যোৰহাটৰ লগতে টীয়ক, তিতাবৰ, মৰিয়নিৰ পৰা আহে অগ্নিনিৰ্বাপক বাহিনীৰ জুই।
  • অ এন জি চি আৰু এয়াৰ ফ'ৰ্চৰ পৰা অগ্নি নিৰ্বাপন কৰিবৰ বাবে ফায়াৰ ব্ৰীগেড অনা হয়।
  • কিহৰ পৰা অগ্নি সংযোগ ঘটিল, সেই কথা এতিয়াও জানিব পৰা হোৱা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in