কিয় টাৰ্গেট আই এ এছ বিষয়া? উপায়ুক্ত নাৰায়ণ কোঁৱৰৰ বদলিক লৈ যোৰহাটত প্ৰতিক্ৰিয়া

কিয় টাৰ্গেট আই এ এছ বিষয়া? উপায়ুক্ত নাৰায়ণ কোঁৱৰৰ বদলিক লৈ যোৰহাটত প্ৰতিক্ৰিয়া

ডিজিটেল সংবাদ, গুৱাহাটীঃ অসম চৰকাৰে ৰাজ্যৰ কেইবাজনো প্ৰশাসনিক বিষয়াৰ বদলি ঘোষণা কৰাৰ পাছতেই হঠাৎ চৰ্চালৈ আহিছে কেতবোৰ গুৰুত্বপূৰ্ণ দিশ৷ যোৰহাটৰ জিলা উপায়ুক্ত নাৰায়ণ কোঁৱৰক যোৰহাটৰ উপায়ুক্তৰ দায়িত্বৰ পৰা বদলি কৰি অসম সচিবালয়ৰ অন্য এক পদত নিযুক্তি দিয়াৰ পিছতেই বিষয়টোৱে লাভ কৰিছে চৰ্চা৷ ৰাইজৰ সহযোগত আইন শৃংখলা পৰিস্থিতিৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি যোৰহাটত এনে পৰিস্থিতি বহু পৰিমাণে উন্নত কৰা জিলা উপায়ুক্তজনৰ বদলিৰ পাছতেই সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ৷ জিলা খনৰ অবৈধ ব্যৱসায় তথা দালালী, মাটিৰ দালালৰ বিৰুদ্ধে পদক্ষেপ লোৱা বিষয়াগৰাকী ৰাজনৈতিক হস্তক্ষেপতে বদলি হ'বলগা হোৱা বুলি অভিযোগ উত্থাপিত হৈছে৷

বিধি বহিৰ্ভূতভাৱে এখন ব্যক্তিগত নাৰ্ছিং হোম নিৰ্মাণ বন্ধ কৰাৰ বাবে ব্যৱসায় শ্ৰেণীৰ সৈতে তীব্ৰ সংঘাত হৈছিল উপায়ুক্তগৰাকীৰ৷ তেওঁৰ অবৈধ নিৰ্মাণ বন্ধ কৰাৰ বাবে ব্যৱসায়ীজনে ন্যায়ালয়ৰ কাষো চাপিছিল৷ ন্যায়ালয়ৰ পৰা উপায়ুক্তগৰাকীৰ বিৰুদ্ধে স্থগিতাদেশ বাহিৰ কৰিছিল৷ নাৰায়ণ কোঁৱৰে উক্ত বিষয়টো পুনৰ বিবেচনাৰ বাবে ন্যায়ালয়ৰ কাষো চাপিছিল৷ দিছপুৰত প্ৰভাৱ খটুৱাই শিৱসাগৰৰ পৰা বদলি কৰি যোৰহাটত নিযুক্তি দিয়া নাৰায়ণ কোঁৱৰক বদলি কৰা হ'ল অসম সচিবালয়লৈ৷

এই কথাত ক্ষুব্ধ হৈ একাংশ দল-সংগঠনে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিছে৷ বৃহস্পতিবাৰেও নাগৰিক সমাজকে ধৰি কেইবাটাও সংগঠনে চহৰখনত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে৷ প্ৰণিধানযোগ্য যে, শিৱসাগৰত খুব কম সময়ৰ বাবে থকা নাৰায়ণ কোঁৱৰে প্ৰাচীন কীৰ্তিচিহ্নৰে ভৰা তৈল নগৰীখনত তেল কোম্পানী সমূহৰ অপৰিকল্পিত কাৰ্য আৰু যতে ততে আৱৰ্জনা পেলোৱাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে আহোম সাম্ৰাজ্যৰ একালৰ ৰাজধানী চহৰখনক ঐতিহ্যক্ষেত্ৰৰূপে গঢ়ি তোলাৰ বাবে বিভিন্ন ব্যৱস্থা হাতত লৈছিল৷

আন্তৰ্জাতিক শিৱ মহোৎসৱৰ দৰে অনুষ্ঠান পাতি এক ব্যতিক্ৰমী উপায়ুক্তৰ নিদৰ্শন দাঙি ধৰিছিল নাৰায়ণ কোঁৱৰে৷ কিন্তু ব্যৱসায়ীক মহলৰ হেঁচাত এবছৰ সম্পূৰ্ণ নৌহওঁতেই উদ্যমী অসমীয়া আই এ এছ গৰাকীক ২০১৮ চনৰ এপ্ৰিল মাহত যোৰহাটলৈ বদলি কৰা হৈছিল৷ জনসাধাৰণ তথা যোৰহাট জিলাৰ বাবে বিভিন্ন সাম্ভাৱ্যপূৰ্ণ কাম কাজ হাতত লৈ একাংশ চৰকাৰী দালাল তথা ব্যৱসায়ীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি ৰাজনৈতিক নেতাৰ ৰোষত পৰা উপায়ুক্তগৰাকীৰ বদলিৰ বিষয়টোক সাধাৰণভাৱে ল'ব পৰা নাই যোৰহাটৰ সচেতন মহলে৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in