বৰহোলাত বিষাক্ত সুৰা সেৱন কৰি ৯ জন লোকৰ ৰহস্যজনক মৃত্যু

বৰহোলাত বিষাক্ত সুৰা সেৱন কৰি ৯ জন লোকৰ ৰহস্যজনক মৃত্যু

ডিজিটেল সংবাদ, বেঁকাজানঃ তিতাবৰ মহকুমাৰ অন্তৰ্গত বৰহোলাত শুকুৰবাৰে বিষাক্ত চুলাই সেৱন আৰু খাদ্যত বিষক্ৰিয়া হৈ অতি কমেও ৯ জনলোকৰ আকস্মিক ভাৱে মৃত্যু হোৱা ঘটনাই সম্প্ৰতি সমগ্ৰ যোৰহাট জিলাখনতে তীব্ৰ চাঞ্চল্য সৃষ্টি কৰে । প্ৰাপ্ত তথ্য অনুসৰি বৰহোলাত ৭ নং বাগান লাইনৰ প্ৰমিলা নায়ক (৪০), সঞ্জয় ক'ল (৪০) ৰায়মণি তাঁতী (৫০), দ্বীপেন চাওতা (৪২), লালভূঞা (৩৫) ,জেলী গঞ্জু, অৱন্তি ভক্তাৰ তিতাবৰ আৰু যোৰহাট মেডিকেল কলেজত মৃত্যু হোৱাৰ বিপৰীতে বৰহোলা চাৰি আলি আৰ্নিছ উজ জামান আৰু নগাবাট ৰাইডাংজুৰিৰ টংকেশ্বৰ শইকীয়া (৪০) নামৰ লোক দুজনৰো অতি ৰহস্যজনক ভাৱে শুকুৰবাৰে পুৱা চিকিৎসাধীন অৱস্থাত চিকিৎসালয়ত মৃত্যু হয় ।

আনহাতে দীপা মিৰ্ধা , ডাঙৰ ভনী তুৰী , ভাগ্যশ্ৰী মিৰ্ধা , তিৰপা মিৰ্ধা আৰু ৰাজা মিৰ্ধা অতি সংকটজনক অৱস্থাত যোৰহাট মেডিকেল কলেজ হাস্পতালত বৰ্তমান চিকিৎসাধীন হৈ আছে । জানিব পৰা মতে বিখ্যাত চাহ খেতিয়ক ভাস্কৰ বৰুৱাৰ মালিকাধীন বৰহোলা চাহ বাগিচাৰ শ্ৰমিক তথা ৭ আৰু ৮ নং বাবু লাইনৰ নিবাসী আটাইকেইজন লোক প্ৰথমে মূৰ ঘূৰণি , বমি, নিম্নৰক্তচাপ ভোগাত পৰিয়ালৰ লোকে ততাতৈয়াকৈ শুকুৰবাৰে পুৱা তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয় আৰু যোৰহাট মেডিকেল কলেজত ভৰ্তি কৰাইছিল যদিও দুপৰীয়া আটাইকেজনৰ ৰহস্যজনক ভাৱে মৃত্যু হয় ।

ইয়াৰ কেইজনমান লোকে চুলাই সেৱন কৰাৰ বুলি চিকিৎসকে জানিবলৈ দিছে । অৱশ্যে ইয়াৰে বাকীকেইজন কোনো ধৰণৰ মদ ব্যৱহাৰৰ নকৰালৈ চাই সম্ভৱত খাদ্যত  বিষক্ৰিয়া হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে । ইফালে একে সময়তে বৰহোলাত চবৰহোলাতো আৰ্নিছ উজ জামান আৰু ৰাইডাংজুৰি গাঁৱৰত টংকেশ্বৰ শইকীয়াৰো মৃত্যু হোৱা ঘটনাই বিষয়টো অতি ৰহস্যময় কৰি তুলিছে কিয়নো একে দিনাই একে লক্ষণৰে ৯ জনকৈ লোকৰ এনেদৰে আকস্মিক ভাৱে মৃত্যু হোৱা ঘটনাক ৰাইজে সহজ ভাৱে লোৱা নাই ।

ইফালে চুলাই মদ্যপান কৰা ফলতেই বৃহস্পতিবাৰে গোলাঘাট জিলাত কুৰিজনৰো লোকৰ মৃত্যুৰ হোৱাত শংকিত বৰহোলাতো এনেদৰে মদ সেৱন কৰি কেইবাজনো লোকৰ মৃত্যুৰ হোৱা বুলি বাতৰি প্ৰচাৰৰ খবৰ পাই বৰহোলা থানাৰ আৰক্ষী বিষয়া দিব্যজ্যোতি ফুকনে মৃত্যুৰ প্ৰকৃত কাৰণ উদঘাটনৰ বাবে তদন্ত আৰম্ভ কৰিছে । অৱশ্যে বাতৰি যুগুতোৱাৰ পৰৰলৈকে আৰক্ষীয়ে মদ সেৱন কৰা তথ্য লাভ কৰা নাই যদিও বিষাক্ত চুলাই সেৱন কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে  অৱশ্যে সময়তে স্পষ্ট হব কি কাৰণ ইমান কেইজন লোকৰ মৃত্যু হ'ল । ইফালে এই ঘটনাৰ পিছতে তিতাবৰ মহকুমাৰ প্ৰশাসনে দুগৰাকী আৱকাৰী বিষয়াক তৎকালীন ভাৱে নিলম্বন কৰা বুলি জানিব পৰা গৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in