যোৰাবাটত যুৱতীৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

যোৰাবাটত যুৱতীৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

ডিজিটেল সংবাদ, যোৰাবাটঃ মহানগৰীৰ যোৰাবাটৰ দহ মাইলত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। বস্তাত ভৰাই থোৱা অৱস্থাত দহ মাইলৰ এন আৰ এল পেট্ৰল পাম্পৰ পিছফালে বাহিনী নৈৰ পানী যুৱঁলিৰ পৰা উদ্ধাৰ কৰা হৈছে মৃতদেহটো।

স্থানীয় ৰাইজে মৃতদেহটো ১১ মাইল নিবাসী শিলা বৰ্মনৰ বুলি চিনাক্ত কৰিছে। ইতিমধ্যে ঘটনাস্থলীত মেঘালয়ৰ খানাপাৰা আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

যুৱতীগৰাকীক কোনোৱে ধৰ্ষণৰ পিছত হত্যা কৰি মৃতদেহটো পানীত পেলাই দিয়া বুলি সন্দেহ ব্যক্ত কৰিছে একাংশ লোকে। আন একাংশই আকৌ দেওবাৰে সমগ্ৰ অঞ্চলটোত সৃষ্টি হোৱা কৃত্ৰিম বানত যুৱতীগৰাকীৰ মৃত্যু ঘটা বুলি মন্তব্য কৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in