ভোমোৰাগুৰিৰ জোনমণি বৰদলৈৰ অকাল বিয়োগ…

ভোমোৰাগুৰিৰ জোনমণি বৰদলৈৰ অকাল বিয়োগ…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱাৰ সমীপৱৰ্তী ভোমোৰাগুৰি গাৱঁৰ নিৱাসী জোনমণি বৰদলৈ নামৰ লোক জনৰ শনিবাৰে নিজ বাসগৃহত অকাল বিয়োগ হয়। ৩৮ বছৰ বয়সীয়া জোনমণি বৰদলৈ বটদ্ৰৱাৰ দলংঘাট বৰমণিপুৰ ষষ্ঠদশ অসম আৰক্ষী বেটেলিয়ানৰ কনিষ্টবল হিচাপে কৰ্মৰত হৈ আছিল।

বিগত দুমাহ ধৰি জোনমণি বৰদলৈ দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল। মৃদুভাষী, সৰলমনৰ সৰবৰহী যুৱক জন ভোমোৰাগুৰি গাৱঁৰ বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত জড়িত হৈ সেৱা আগবঢ়াইছিল।

তেওঁৰ অকাল বিয়োগত বটদ্ৰৱা, ভোমোৰাগুৰি, ভেটিয়নী অঞ্চলত শোকৰ ছাঁ পৰিছে। মৃত্যুৰ সময়ত জোনমণি বৰদলৈয়ে পিতৃ, মাতৃ, পত্নী, দুজন কনমানি পুত্ৰ, ভাতৃ-ভগ্নী সহ বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in