গোভা ৰজাৰ ভোজভাতঃ দেওশালত পূজা অৰ্চনাৰে আৰম্ভ জোনবিল মেলা…

গোভা ৰজাৰ ভোজভাতঃ দেওশালত পূজা অৰ্চনাৰে আৰম্ভ জোনবিল মেলা…

ডিজিটেল সংবাদ, জাগীৰোডঃ প্ৰাচীন ৰাজতন্ত্ৰৰ পৰম্পৰা অটুট ৰাখি ঐতিহাসিক গোভা ৰাজ্যৰ জোনবিলৰ পাৰত আজিৰে পৰা আৰম্ভ হৈছে পাহাৰ ভৈয়ামৰ লোকসকলৰ সম্প্ৰীতিৰ হাট জোনবিল মেলা। ইংৰাজ শাসনলৈ অহাৰ সময়লৈ আহোম সকলৰ দৰে মধ্য অসমতো আছিল তিৱাসকলৰ বহুকেইখন সৰু-বৰ ৰাজ্য ।

দেশৰ স্বাধীনতাৰ পিছত অন্ত পৰিল এই ৰাজতন্ত্ৰৰ , কিন্তু পৰম্পৰাৰ ৰূপত থাকি সেই ৰাজকীয় কৃষ্টি আৰু পৰম্পৰা । তাৰ এক অন্যতম নিদৰ্শন হল এই জোনবিল মেলা । পৰম্পৰা অনুসৰি গোভাৰজা দ্বীপসিং দেওৰজাৰ নিৰ্দেশত জাগীৰোডৰ নাতিদুৰৰ জোনবিলৰ পাৰত আজিৰে পৰা আৰম্ভ হৈছে ঐতিহাসিক জোনবিল মেলা ।

এইমেলালৈ আজিৰে পৰা ঢল বৈছে পাহাৰৰ মামা মামী হতৰ । আজি পুৱা গোভা দেওৰজাৰ
চাৰিভাই দেওশাল শিৱথানত মাংগলিক পৰ্ব, গাভৰু আমত বন্তি প্ৰজ্বলনৰে জোনবিল মেলা শুভাৰম্ভ কৰাৰ পিছত মেলাথলীত পতাকা উত্তোলন কৰে গোভা ৰজা দ্বীপসিং দেওৰজাই ।

তাকা উত্তোলন কাৰ্যসূচীত গোভাৰজা গৰাকীয়ে এই প্ৰাচীন পৰম্পৰা ৰক্ষা কৰি পাহাৰ ভৈয়ামৰ লোকসকলে এক বিৰল নিদৰ্শন দাঙি ধৰা বুলি মন্তব্য কৰাৰ লগতে ইয়াৰ সংৰক্ষণ আৰু প্ৰচাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।

তাৰ পিছতে মেলা সমিতিৰ সভাপতি সোনেশ্বৰ দলৈয়ে বন্তি প্ৰজ্বলন কৰে । দুপৰীয়া মেলাথলীত গোভাৰজা দ্বীপসিং দেওৰজাই ডা ডাঙৰীয়া সকলৰ সৈতে মিলি ভোজ ভাত খায় । আনহাতে আজি মেলালৈ আগমন ঘটিছে কাৰ্বি আলঃ আৰু মেঘালয়ৰ পৰা অহা অগনন লোকৰ । বৃহস্পতিবাৰে হ'ব বিনিময় প্ৰথা আৰু ৰাজ দৰবাৰ । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল অহা কালিলৈ মেলাৰ ৰাজদৰবাৰত মুখ্য অতিথি হিচপে উপস্থিত থাকিব ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in