কলগাছিয়া আৰু মইনবড়িৰ বানপৰিস্থিতি অপৰিৱৰ্তিত, বিভিন্ন স্থানত ছিগিল পথ…

কলগাছিয়া আৰু মইনবড়িৰ বানপৰিস্থিতি অপৰিৱৰ্তিত, বিভিন্ন স্থানত ছিগিল পথ…

ডিজিটেল সংবাদ, মইনবড়ি: পাঁচ দিন অতিক্ৰম কৰাৰ পাছতো জনীয়া সমষ্টিৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰায় ৩৫খন গাঁৱৰ বান পৰিস্থিতি অপৰিবৰ্তিত হৈ আছে। জানিব পৰা মতে, মোৱামাৰী, কাচুকাটি, শ্ৰীৰামপুৰ, গলীয়া, চৰচৰিয়া, বৰডাংঙা, লাচাংগা, গুইলেজা, খাটাকুচি, ভেড়া গাঁও, বলাইপাথাৰ, খাৰবাল্লী, শওঁপুৰ, কৰাৰকুৰ, কালামপুৰ, মহম্মদ পূৰ, ৰুসুল পূৰ, চান পুৰ, ইছবপুৰ, ক্ষুদ্রখুৱা, মহীয়া, বৰভিটা, গাৰালী, বালিকুৰি এন চি, নন'কে প্ৰমুখ্যে বানাক্ৰান্ত নৈ পৰীয়া গাঁও সমূহৰ পৰিস্থিতি অধিক জটিল ৰূপ ধাৰণ কৰিছে।

উল্লেখ্য যে, উক্ত অঞ্চল সমূহত প্ৰায় ৯৭ শতাংশ লোক কৃষি কৰ্মৰ ওপৰত নিৰ্ভৰশীল। ভয়াবহ বানপানীৰ ফলত সংশ্লিষ্ট গাঁৱৰ অৰ্ধ-লক্ষাধিক ৰাইজ সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে। কিন্ত আজি লৈকে চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষই বানাক্ৰান্ত ৰাইজক কোনো ধৰণৰ সাহায্য প্ৰদান কৰা নাই বুলি অভিযোগ উত্থাপিত হৈছে।

ইফালে জনীয়া সমষ্টিৰ উপ নিৰ্বাচনক কেন্দ্ৰ কৰি বিজেপি দলৰ ভাৱি প্ৰাৰ্থী সকলৰ চাৰি জনে ব্যক্তিগত প্ৰচেষ্টাত ৰাইজক চাউল, চিৰা, মুৰী, চেনী, মিঠা তেল, নিমখ, বিস্কুট, পলিথিন পেপাৰ আদি বিতৰণ কৰা দেখা গৈছে।

শুকুৰবাৰে বৰপেটা জিলা পৰিষদৰ প্ৰাক্তন সভাপতি তথা বিজেপিৰ ভাৱি প্ৰাৰ্থী মজিবৰ ৰহমান খানে মাজিদ ভিটা,শওঁপুৰ, উদমাৰি, ইছবপুৰ আদি গাঁৱৰ বানাক্ৰান্ত ৰাইজক সাহায্য প্ৰদান কৰে। ইয়াৰোপৰি আন দুগৰাকী ভাৱি প্ৰাৰ্থী অধিবক্তা তথা ঐক্য সেনা অসমৰ প্ৰতিষ্ঠাপক সম্পাদক শ্বহিদুল ইছলাম আৰু অধিবক্তা লাল মাহমুদূৰ ৰহমানে মোৱামাৰি, বৰদঙা, শওঁপুৰ, ইছবপুৰ, খাৰবাল্লী, চৌধুৰী বজাৰ, কালামপুৰ, আদি গাঁৱত সাহায্য বিতৰণ কৰে। উক্ত ভয়াবহ বানপানীত গুনীয়ালগুৰি-খোলাবন্ধা-কলগাছিয়া সংযোগী পথৰ দুই ঠাইত ছিগি পেলোৱাৰ লগতে আমগুৰি- কলগাছিয়া সংযোগী পথৰ পকী দলঙৰ দুই কাষৰ মাটি খহাই নিছে, লাংলা-বৰটাৰী পথৰ দুই ঠাইত ছিগিছে আৰু নিৰ্মিয়মান ২ নং বিকল্প ৰাজ্যিক ঘাই পথৰ কৰাৰকুৰত ৰাস্তা উটুৱাই নিছে। ফলত যোগাযোগ বিছিন্ন হৈ পৰিছে ।

আনহাতে ৯ টা বিদ্যুতৰ খুটি হালি পৰি তাঁৰ ছিগি যোৱা বুলি জানিব পৰা গৈছে। ইফালে বাঘবৰ সমষ্টিৰ মইনবড়ি, কিসমত মইনবড়ি, দাকালীয়াপৰা, মতিনপুৰ, জয়পুৰ, তাৰাকান্দি, মাজেৰ চৰ,দেউলদি,পূব দেউলদি, বালিকুৰি চৰ, মৰাভাজ, শলমাৰী,যাবৰিমাৰি,টাকা কাটা, নিচিনপুৰ, হাদিৰাচকী, ফুলৰা, চতলা, চতলা চৰ,পাহাৰপুৰ আদি গাঁও বেঁকী, ব্ৰহ্মপুত্ৰ,আই, মানাহ আদি নদীৰ বাঢ়নী পানীৰ তলত ডুবি গৈছে। উক্ত অঞ্চলৰ ৪০ সহস্ৰাধিক লোক বিভিন্ন ওখ ঠাইত আশ্ৰয় লৈছে। বানপানীৰ ফলত মানুহ আৰু পশু ধনে চৰম খাদ্য আৰু বিশুদ্ধ খোৱা পানীৰ সংকট ভুগিব লগা হৈছে। সাংসদ আব্দুল খালেকে বিগত পাঁচ দিনতো বানাক্ৰান্তৰ খবৰ নোলোৱাত ক্ষতিগ্ৰস্ত ৰাইজে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in