‘কা’ৰ বিৰুদ্ধে জোনাইত এজেৱাইচিপিসহ ৩০ সংগঠনৰ গণ সমাৱেশ…

‘কা’ৰ বিৰুদ্ধে জোনাইত এজেৱাইচিপিসহ ৩০ সংগঠনৰ গণ সমাৱেশ…

ডিজিটেল সংবাদ, জোনাইঃ জোনাইত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আছু এ জে ৱাই চি পিসহ ৩০ টা সংগঠনৰ গণ সমাৱেশ৷ স্বতঃস্ফূৰ্তভাৱে জোনাইৰ খিলঞ্জীয়া লোকে অংশ গ্ৰহণ কৰে এই গণ সমাৱেশত।

সমাৱেশত অংশ গ্ৰহণ কৰি এ জে ৱাই চি পিৰ সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে কয়- খেল' ইণ্ডিয়ালৈ অহা প্ৰধানমন্ত্ৰী অসমীয়াৰ প্ৰৱল প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব৷ অসমৰ ৰাইজে মোডীৰ আগমণৰ বিৰোধিতা কৰিব৷ একেদৰে 'কা'ৰ পক্ষত থিয় দিয়া শিল্পী আৰু খেলুৱৈক ৰাজহুৱাকৈ বৰ্জন কৰিবলৈ পলাশ চাংমাইৰ মুকলি আহ্বান৷ অসমত কমেও ১২ লাখ বাংলাদেশীয়ে ব্ৰহ্মপুত্ৰ উপত্যকাত থিতাপি ল'ব বুলিও মন্তব্য কৰে পলাশ চাংমাইয়ে৷এই সমাৱেশত আছুৰ উপ সভাপতি চিত্তৰঞ্জন বসুমতাৰীয়ে কৰে অংশ গ্ৰহণ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in