জোনাই সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী যুৱ নেতা প্ৰণৱ টায়েৰ সংবাদমেল…

জোনাই সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী যুৱ নেতা প্ৰণৱ টায়েৰ সংবাদমেল…

ডিজিটেল সংবাদ, জোনাইঃ জোনাই বিধানসভা সমষ্টিত বিজেপিৰ যুৱ নেতা প্ৰণৱ টায়েই আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিৰ পৰা দলীয় প্ৰাৰ্থিত্ব বিচাৰিছে। বিজেপিৰ যুৱ নেতা প্ৰণৱ টায়েই বুধবাৰে নিজা বাসগৃহত আয়োজন কৰা এক সংবাদমেলত তেওঁ আসন্ন বিধানসভা নিৰ্বাচনত বিজেপিৰ পৰা জোনাই সমষ্টিত দলীয় প্ৰাৰ্থিত্ব বিচৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে।

যুৱ নেতা প্ৰণৱ টায়েই সংবাদমেলত কয়- জোনাই সমষ্টিৰ যুৱ প্ৰজন্মই এইবাৰ নিৰ্বাচনত জোনাই সমষ্টিত যুৱ প্ৰজন্মৰ নেতা হিচাপে তেওঁক প্ৰতিদ্বন্দ্বিতা কৰাটো বিচাৰিছে। সেই বাবে মঙলবাৰে যুৱ নেতা প্ৰণৱ টায়েই ধেমাজি জিলা বিজেপিৰ মুখ্য কাৰ্যালয়ত জোনাই সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি আবেদন কৰে। লগতে সংবাদমেলত যুৱ নেতা প্ৰণৱ টায়েই জোনাই বিধানসভা সমষ্টিৰ শিক্ষা, স্বাস্থ্য, বানপানী, নিবনুৱা আদি বিভিন্ন সমস্যা সমাধানেই তেওঁৰ প্ৰধান নিৰ্বাচনী ইছু হ'ব বুলি মন্তব্য কৰে।

তদুপৰি সংবাদমেলত জোনাই সমষ্টিবাসী ৰাইজৰ সৰ্বাংগীন উন্নয়নৰ হকে সেৱা আগবঢ়াই যাবলৈ ভাৰতীয় জনতা পাৰ্টি, ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় সমিতিয়ে যুৱ নেতাগৰাকীৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখি ১১৪ নং জোনাই বিধানসভা সমষ্টিৰপৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ যুৱপ্রজন্মৰ প্ৰাৰ্থী হিচাপে সুযোগ প্রদান কৰিব বুলি আশা প্ৰকাশ কৰে। উল্লেখযোগ্য যে, বিজেপিৰ যুৱ নেতা প্ৰণৱ টায়েই বিগত দিনত জোনাই সমষ্টিত বানপানীত আক্ৰান্ত ৰাইজক উদ্ধাৰ-সাহায্যৰ লগতে বিভিন্ন পথ, দলং আদি নিৰ্মাণ কৰি ৰাইজক সেৱা কৰি আহিছে।

ইফালে, জোনাই বিধানসভা সমষ্টিত যুৱ নেতা প্ৰণৱ টায়েৰ উপৰি জ্যেষ্ঠ বিজেপি নেতা তথা ৰাজ্যিক মুখপাত্ৰ অশ্বিনী পাইত, মাধৱ মুছাহাৰী, গংগা পেগু, ৰূপা কামান, প্ৰণৱ টায়ে, সঞ্জীৱ দলেৰ লগতে ন-বিজেপি ভুবন পেগুৱে বিজেপি পৰি প্ৰতিদ্বন্দ্বিতা কৰিবলৈ প্ৰাৰ্থিত্ব বিচাৰিছে। নতুন জাতীয়তাবাদী আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদৰ পৰা জোনাই বিধানসভা সমষ্টিত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাংস্কৃতিক সম্পাদক তথা যুৱ নেতা আৰ্ণল্ড টায়েই প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ব্যাপক চৰ্চা চলিছে। যুৱ নেতা আৰ্ণল্ড টায়েই অসম জাতীয় পৰিষদৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বুলি সামাজিক মাধ্যমত ব্যাপক চৰ্চা চলাৰ লগতে বহু শুভাকাংক্ষীয়ে আৰ্ণল্ড টায়েক আদৰণি জনাইছে।

জোনাই সমষ্টিত সুশীল পেগু, ডা: হেমহৰি পেগু, প্ৰহ্লাদ চাহৰ, বিজয় পেগু, ৰণোজ পেগু, মিগম পেগু আৰু বলীন কুলিয়ে কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছে। নৱ গঠিত আঞ্চলিক দল ৰাইজৰ দলৰ পৰা প্ৰাক্তন বিধায়ক তথা দলৰ কেন্দ্ৰীয় উপ-সভাপতি ফণীৰাম টায়েঙে প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আছে।
অৱশ্যে জোনাই সমষ্টিত অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মাজত বুজাবুজিত উপনীত হ'লে যিকোনো এজন প্ৰাৰ্থীকে প্ৰতিদ্বন্দ্বিতা কৰা সম্ভাৱনা অধিক। ফলত জোনাই সমষ্টিত আসন্ন বিধানসভা নিৰ্বাচনত বিজেপি, কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদ-ৰাইজৰ দলৰ প্ৰাৰ্থীৰ মাজত মূল যুঁজ হোৱাৰ সম্ভাৱনাই দেখা দিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in