আৰম্ভ হ’ল ঐতিহাসিক জোন বিল মেলাঃ শনিবাৰে বহিব গোভা ৰজাৰ দৰবাৰ…

আৰম্ভ হ’ল ঐতিহাসিক জোন বিল মেলাঃ শনিবাৰে বহিব গোভা ৰজাৰ দৰবাৰ…

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে বিয়লিৰে পৰা আৰম্ভ হ'ব কেইবা শতিকা পুৰণি ঐতিহ্যমণ্ডিত জোনবিল মেলা। বিশ্বৰ অন্তিম খন বিনিময় প্ৰথাৰে পৰিচালিত ক্ৰয়-বিক্ৰয়ৰ এই মেলাক লৈ মৰিগাঁও আৰু কাৰ্বি আংলং জিলাৰ বাসিন্দাসকলৰ লগতে ৰাজ্যবাসীৰো আগ্ৰহৰ অন্ত নাই।

মেলালৈ আহে বহু বিদেশী পৰ্যটকো। জাগীৰোডৰ পৰা মৰিগাঁও অভিমুখী পথেৰে ৫ কিলোমিটাৰ সোমাই গৈ জোন বিলৰ পাৰত বহা এই মেলাতে শনিবাৰে অনুষ্ঠিত হ'ব ঐতিহ্যমণ্ডিত গোভা ৰাজ্যৰ অন্তিমজন ৰজা দ্বীপ সিং দেওৰজাৰ দৰবাৰ।

তিনিদিনীয়াকৈ অনুষ্ঠিত হ'বলগা এই মেলাৰ বিনিময় বানিজ্য বিয়লিৰ ভাগলৈহে আৰম্ভ হ'ব যদিও ইতিমধ্যে কাৰ্বি পাহাৰত বসবাস কৰা তিৱা লোকসকলকে ধৰি অন্যান্য জনগোষ্ঠীৰো বিভিন্ন লোকে নিজৰ উৎপাদিত সা-সামগ্ৰী লৈ মেলাথলীত উপস্থিত হৈছেহি।

ইফালে বিয়লিৰ পৰা আৰম্ভ হ'বলগা এই মেলাত পাহাৰত জুম খেতিৰ আৰ্হিত কৰা বিভিন্ন সুস্বাদু শস্য সম্ভাৰ সংগ্ৰহৰ বাবে নামনিত পোৱা অন্যান্য সামগ্ৰী লৈ আন আন লোকৰো সোঁত বৈছে জোন বিলৰ পাৰলৈ। তিৱা স্বায়ত্ব শাসিত পৰিষদে বিভিন্ন পথত আদৰণি তোৰণ নিৰ্মাণকে ধৰি গোভা ৰজাৰ দৰবাৰৰ বাবে মঞ্চৰ লগতে এই উপলক্ষ্যে আয়োজিত আন্যান্য অনুষ্ঠানৰ বাবে মণ্ডপ আদিৰ নিৰ্মাণত মেলা পৰিচালনা সমিতিৰ সৈতে সহযোগ কৰিছে।

আনহাতে, মেলাৰ অন্তিম দিনাৰ অনুষ্ঠানলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালসহ অসম চৰকাৰৰ কেইবাগৰাকী মন্ত্ৰী-বিধায়কক আমন্ত্ৰণ জনোৱা কাৰ্যক লৈ একাংশ লোকৰ মাজত প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে। তেওঁলোকৰ মতে, ঐতিহ্যমণ্ডিত জোনবিল মেলাৰ সাতামপুৰুষীয়া বিনিময় প্ৰথা আৰু গোভা ৰজাৰ দৰবাৰৰ যি ঐতিহ্য আৰু গাম্ভীৰ্য্য সেয়া ৰাজনৈতিক নেতাৰ উপস্থিতিয়ে ম্লান কৰিব। এনে অনুষ্ঠান ৰাজনৈতিক নেতাৰ ছত্ৰছায়াৰ পৰা বাহিৰত ৰাখিব পাৰিলেহে প্ৰকৃত ঐতিহ্য ৰক্ষা পৰিব বুলিও বিভিন্নজনে মন্তব্য কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in