এএছডিচিৰে নতুন আঞ্চলিক ৰাজনৈতিক দল এজেপিৰ গুৰুত্বপূৰ্ণ বৈঠক,২১’ৰ নিৰ্বাচন সন্দৰ্ভত আলোচনা…

এএছডিচিৰে নতুন আঞ্চলিক ৰাজনৈতিক দল এজেপিৰ গুৰুত্বপূৰ্ণ বৈঠক,২১’ৰ নিৰ্বাচন সন্দৰ্ভত আলোচনা…

ডিজিটেল ডেস্কঃ দেওবাৰে নতুনকৈ গঠিত আঞ্চলিক ৰাজনৈতিক দল এজেপি মূখ্য কাৰ্যালয়ত এএছডিচিৰ সভাপতি চন্দ্ৰ কান্ত তেৰাং আৰু সম্পাদক জটচন বেইকে প্ৰমূখ্য কৰি এএছডিচিৰ এটি দলে এজেপিৰ ৰাজ্যিক সমিতিৰে এখন বৈঠকত মিলিত হয়। এজেপিৰ হৈ উপস্থিত থাকে দলটোৰ ৰাজ্যিক সমন্বয়ক অদীপ ফুকন, মুখ্য আহ্বায়ক কৃষ্ণ গোপাল ভট্টাচাৰ্য, ৰাজ্যিক সমন্বয়ক লুইজি নেওগ আৰু ৰবীন্দ্ৰ কুমাৰ দত্ত উপস্থিত থাকে।

উল্লেখযোগ্য যে,বৈঠকখনত সাম্প্ৰতিক সময়ৰ বিভিন্ন বিষয়ৰ সন্দৰ্ভত আলোচনা কৰা হয়।বৈঠকখনত কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাক স্বায়ত্ব শাসিত অঞ্চল গঠন কৰা আৰু এজেপিয়ে আগন্তুক বিধানসভা নিৰ্বাচনত এএছডিচিক সহায় কৰা, এই দুটা বিষয়ত সহমত পোষণ কৰে।

এজেপিয়ে আগন্তুক ২০২১ৰ বিধানসভা নিৰ্বাচনত এএছডিচিক কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাত ৫খন আসন দিয়াৰো সিদ্ধান্ত লয় বৈঠকখনত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in