শেহতীয়া খবৰ
আকাশবাণী কেন্দ্ৰত অগ্নিকাণ্ড...  •  ৰাজ্যত আকৌ ১৯জন কোৰোনা পজিটিভ...  •  অস্বস্তিত নেকি চৰকাৰ! ৫০ সহস্ৰাধিকৰ উপস্থিতিত জেৰেঙাত মোডীয়ে বিলালে লক্ষাধিকৰ ভূমি পট্টা...  •  অস্বস্তিত নেকি চৰকাৰ! ৫০ সহস্ৰাধিকৰ উপস্থিতিত জেৰেঙাত মোডীয়ে বিলালে লক্ষাধিকৰ ভূমি পট্টা...  •  উত্তৰাখণ্ডৰ গংগোত্ৰীৰ স্বামী অজয় যোগীৰ বটদ্ৰৱা থান দৰ্শন...  •  ধেমাজি গ্ৰন্থ উৎসৱ-২০২১ৰ ষষ্ঠ দিনৰ কাৰ্যসূচী...  •  চাউলখোৱাত অসম সাহিত্য সভাৰ সাংস্কৃতিক মৈত্ৰীবন্ধন আৰু ভাৱ বিনিময় অনুষ্ঠানৰ আয়োজন...  •  ধুবুৰী আৱৰ্ত ভৱনৰ সভাকক্ষত চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সাংবাদিকক উপহাৰ বিতৰণ কাৰ্যসূচী...  •  বিশিষ্ট সাহিত্যিক-সমাজ সেৱিকা এলী আহমেদলৈ ‘নেতাজী গৰিমা’ বঁটা...  •  উৰিয়ামঘাটত শিশু অপহৰণ, দুষ্ট চক্ৰ জড়িতৰ সন্দেহ আৰক্ষীৰ...

সকলো লোকৰে শান্তিৰ স্বাৰ্থত আলোচনাৰ আহ্বান জইন্ট লেজিছলেটৰ্ছ ফ’ৰাম অন নগা পলিটিকেল ইছ্যুৰ

375

ডিজিটেল ডেস্কঃ বুধবাৰে নগা ৰাজনৈতিক বিষয়ৰ জইন্ট লেজিছলেটৰ্ছ ফ’ৰামে (জেএলএফ) শান্তি বৰ্তাই ৰখাৰ স্বাৰ্থত নগা নেশ্যনেল পলিটিকেল গ্ৰুপছ (এনএনপিজিএছ) আৰু এন এছ চি এন (আই এম)ৰ কাৰ্যকৰী কমিটীক আহ্বান জনায়। সকলো লোকৰে মংগল হোৱাকৈ নগা শান্তি চুক্তিত দ্বিমত থকা অন্যান্য গোট সমূহকো শান্তি ৰক্ষাৰ স্বাৰ্থত আলোচনাত বহিবলৈ আহ্বান জনাইছে জেএলএফে।

জনসাধাৰণৰ বৃহত্তৰ স্বাৰ্থত ৰাজনৈতিক পৰিস্থিতিৰ মোকামিলা কৰি শান্তি বৰ্তাই ৰখাত জেএলএফে গুৰুত্বপূৰ্ণ ভূমিকা ল’ব বুলিও জানিবলৈ দিছে। ইফালে, নগা ৰাজনৈতিক গোট আৰু ভাৰত চৰকাৰৰ মাজত হোৱা আলোচনাকো স্বাগতম জনাইছে জইন্ট লেজিছলেটৰ্ছ ফ’ৰামে। নগালেণ্ডৰ লগতে চুবুৰীয়া ৰাজ্য সমূহকো পৰস্পৰৰ সহযোগিতাৰে শান্তিপূৰ্ণ বাতাবৰণ সৃষ্টিত মনোনিবেশ কৰিবলৈ জেএলএফে আহ্বান জনাইছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি