যোগীঘোপাত যাদু দেখুৱালে এন আৰ চিয়ে

যোগীঘোপাত যাদু দেখুৱালে এন আৰ চিয়ে

ডিজিটেল সংবাদ, অভয়াপুৰীঃ এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ পিছতে হঠাৎ ধৰ্ম-নিৰপেক্ষ হৈ পৰিছে বহু পৰিয়াল। এনে এটি পৰিয়ালৰ সম্ভেদ পোৱা গৈছে বঙাইগাঁও জিলাৰ যোগীঘোপাত।

অঞ্চলটোৰ কচুদোলা গাঁৱৰ পানীমল দাস নামৰ লোকজনৰ পৰিয়ালটো আছিল হিন্দু ধৰ্মাৱলম্বী। এন আৰ চিৰ আগলৈকে পৰিয়ালটোৰ আটাইকেইজন সদস্য একেটা ধৰ্মৰে আছিল যদিও এন আৰ চি প্ৰকাশৰ পিছত কেবাজনো সদস্যৰ ধৰ্ম সলনি হৈ পৰে। এন আৰ চিৰ বাবে এনেদৰে একেটা পৰিয়ালতে দেখিবলৈ পোৱা গৈছে ভিন ভিন ধৰ্মৰ লোকক।

উল্লেখ্য যে এন আৰ চিৰ খচৰা প্ৰস্তুত হোৱা বিসংগতিৰ বাবেই পানীমলৰ পৰিয়ালটোত সদস্য হিচাপে অন্তৰ্ভুক্ত হৈছে দুজনকৈ ইছলাম ধৰ্মাৱলম্বী লোক। ইয়াকে লৈ এতিয়া হতাশা আৰু শংকাত ভূগিছে পৰিয়ালটো।

পানীমলে জানিবলৈ দিয়া মতে, খচৰা তালিকাত তেওঁৰ পত্নী নমিতা কলিতাৰ পৰিৱৰ্তে আছে আম্বিয়া খাতুনৰ নাম। আনকি তেওঁৰ ল'ৰাৰ নামৰ সলনি আছে সামিনুৰ ইছলাম নামৰ অচিনাকি নাম৷  ৩০ জুলাইত এন আৰ চিৰ পূৰ্ণাংগ খচৰাৰ তালিকা প্ৰত্যক্ষ কৰি হতভম্ব হৈ পৰা বুলি উল্লেখ কৰি এয়া কেনেকৈ হ'বলৈ পালে বুলিও তেওঁ সংশ্লিষ্ট কৰ্তৃপক্ষক প্ৰশ্ন কৰিছে।

বহু প্ৰত্যাশিত এন আৰ চিৰ পূৰ্ণাংগ খচৰাত দেখা দিয়া এনে বিসংগতিক লৈ অঞ্চলটোত এতিয়া সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। পৰৱৰ্তী সময়ত  উক্ত পৰিয়ালটোৰ এন আৰ চিৰ ক্ষেত্ৰত দেখা দিয়া বিসংগতি আঁতৰ কৰিবলৈকো এন আৰ চি কৰ্তৃপক্ষক দাবী জনাইছে অঞ্চলবাসীয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in