যোগীঘোপাত ধনদাবী কৰা ভুৱা সাংবাদিকক ৰঙাঘৰলৈ প্ৰেৰণ!

যোগীঘোপাত ধনদাবী কৰা ভুৱা সাংবাদিকক ৰঙাঘৰলৈ প্ৰেৰণ!

ডিজিটেল সংবাদ, বঙাইগাঁওঃ বঙাইগাঁও জিলাৰ যোগীঘোপাৰ ছাত্ৰ মুক্তিৰ দুগৰাকী নেতাসহ তিনিজনৰ বিৰুদ্ধে ধনদাবীৰ অভিযোগ উত্থাপিত হোৱাৰ পিছত শুকুৰবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এজন স্বয়ম্ভূ সাংবাদিকক ৷ জানিব পৰা মতে সদ্য বহিষ্কৃত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বঙাইগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক ছাদ্দাম হুছেইন, উপসভাপতি ইছমাইল হুছেইন আৰু কৰেয়া পাহাৰৰ যুৱক তথা নিজকে কেবাটাও ৱেব প'ৰ্টেলৰ সাংবাদিক বুলি পৰিচয় দি কাদেৰ আলীয়ে দলনীবিল গাঁৱৰ আব্দুৰ ৰহিম নামৰ এগৰাকী ব্যৱসায়ীক বহুদিনৰ পৰা ধনদাবী কৰি হাৰাশাস্তি কৰি আহিছিল ।

ব্যৱসায়ীগৰাকীক ৬০ হাজাৰ টকা ধনদাবী কৰি বিভিন্ন ধৰণৰ ভয় ভাবুকি দেখুৱাইছিল যুৱকৰ দলটোৱে।যুৱকৰ দলটোৱে যোৱা ২ মে'ত উক্ত ধনৰাশিৰ ২০ হাজাৰ টকা আদায় দিবলৈ বালাপাৰা বজাৰত থকা জনপ্ৰিয় চাহৰ হোটেললৈ ব্যৱসায়ীগৰাকীক ফোন যোগে মাতি পঠিয়াই । ব্যৱসায়ী গৰাকীয়ে উপায়ন্তৰ হৈ হোটেলখনত যুৱকৰ দলটোক ২০ হাজাৰ টকা আদায় দিয়ে বুলি এজাহাৰত উল্লেখ কৰিছে ।

ইমানতে যুৱকৰ দলটোৱে ক্ষান্ত নাথাকি বাকী ৪০ হাজাৰ টকা দাবী কৰি হাৰাশাস্তি কৰি থাকে ব্যৱসায়ীগৰাকীক ।অৱশেষত যোগীঘোপা আৰক্ষীৰ কাষ চাপে ভুক্তভোগী ব্যৱসায়ীগৰাকীয়ে । উল্লেখ্য যে কৰেয়া পাহাৰৰ যুৱক কাদেৰ আলীয়ে ফেচবুকৰ অস্তিত্বহীন ৱেব প'ৰ্টেল 'ভাৰত মেডিয়া-২৪'ৰ লগতে আন কেইবাটাও ৱেব প'ৰ্টেলৰ যোগীঘোপাৰ স্থানীয় সাংবাদিক হিচাপে পৰিচয় দি বিভিন্নজনক ভয় ভাবুকিৰে ধন সংগ্ৰহৰ অভিযোগ উত্থাপিত হৈছে ।

অভিযোগ অনুসৰি কাদেৰ আলী আৰু ছাত্ৰ মুক্তিৰ নেতা দুগৰাকীয়ে অঞ্চলটোৰ বিভিন্ন চৰকাৰী বিষয়া-কৰ্মচাৰী, সাধাৰণ ব্যৱসায়ী, ঠিকাদাৰ, ইটা ভাটাৰ লগতে পঞ্চায়ত প্ৰতিনিধিকো ধন দাবী কৰি এক প্ৰকাৰৰ সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল । উক্ত যুৱক কেইজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীক ৰাইজি দাবী জনোৱাৰ পিছত শুকুৰবাৰে কাদেৰ আলীক গ্ৰেপ্তাৰ কৰে যোগীঘোপা আৰক্ষীয়ে৷ আৰক্ষীৰ কাৰ্যত ৰাইজে সন্তোষ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in